এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৭
চিন্তা-কলি৷

নথকা মানুহৰ মন যদিও প্ৰফুল্ল সি যে জীৱনৰ অমিয়া লাভ কৰিছে এনে বুলি সিদ্ধান্ত কৰা অযুগুত। ইহঁতৰ আনন্দও বাতুলৰ হাঁহিৰ নিচিনা, বা শোথ ৰুগীয়াৰ থুলন্তৰ অৱস্থাৰ নিচিনা স্বাভাৱিক অৱস্থাৰ এবিধ বিকাৰ মাথোন। মানুহে সংসাৰত এনেকুৱা আনন্দ বাঞ্ছা নকৰে। কৰ্ত্তব্য- বোধেই মনুষ্যত্ব, যাৰ সেই বোধ নাই সি যথাৰ্থ মনুষ্য নহয়, এতেকে তাৰ আনন্দও বাঞ্ছনীয় নহয়। যি যথাৰ্থ মনুষ্য, অৰ্থাৎ যাৰ কৰ্ত্তব্য-জ্ঞান আছে, সি কৰ্ত্তব্য অৱহেলা কৰি কেতিয়াও অমিয়াৰ গৰাকী হব নোৱাৰে। এতেকে কৰ্ত্তব্য- পালন যে জীৱন-অমিয়াৰ মহা মন্ত্ৰ, এই বিষয়ে আৰু দ্বিতীয় কথা নাই।