এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৩
চিন্তা-কলি৷

প্ৰাণীবোৰৰ লীলা শেষ হব। চন্দ্ৰ সূৰ্য্যই কৰ্তব্য-লঙ্ঘন কৰিলে যে বিশ্ব নষ্ট হব, এনে নহয়, সিহঁত নিজেও লয় হব। কৰ্ত্তব্য-পালন সিহঁতৰ প্ৰাণ-বায়ু, তাৰ অভাৱ হলে সিহঁতে প্ৰাণ ধৰিব নোৱাৰে। কৰ্ত্তব্য-পালন কৰি বিশ্বৰ বস্তুবোৰে নিজৰ শৰীৰ আৰু বিশ্ব উভয়কে ৰক্ষা কৰিছে।

 সমস্ত বিশ্ব সম্বন্ধে যিৰূপ ব্যবস্থা, প্ৰাণী-জগত সম্বন্ধেও সেইৰূপ ব্যৱস্থা। প্ৰাণী-জগততো কৰ্ত্তব্য-পালনেই জগত স্থিতিৰ গৃঢ়তম হেতু। জগততো প্ৰত্যেক প্ৰাণীৰ জীৱনৰ নিৰ্দ্দিষ্ট কৰ্ম্ম আছে। যেতিয়ালৈকে সিহঁতে নিজ নিজ কৰ্ম্ম কৰি থাকে, তেতিয়ালৈকে জগত সুকলমে চলি থাকিব, আৰু সিহঁতো কুশলে থাকিব। বিশ্ব যেনে চন্দ্ৰ আদি গ্ৰহ উপগ্ৰহ কৰ্ত্তব্য-পালনৰ গুণত তিষ্ঠিছে, জগতো তেনে প্ৰাণীসমূহৰ কৰ্ত্তব্য-পালনৰ গুণত তিষ্ঠিছে, আৰু গ্ৰহ উপগ্ৰহসকলে যেনেকৈ কৰ্ত্তব্য-পালন কৰি বিশ্বত কুশলে আছে, প্ৰাণীসমূহেও সেইদৰে নিজ নিজ কৰ্ত্তব্য-পালন কৰি বিশ্বত কুশলে আছে। পশু, পক্ষী, কীট, পতঙ্গ আদি প্ৰাণীবোৰে সততে নিজ নিজ কৰ্ত্তব্য কৰ্ম্ম সম্পাদন কৰি জগত সুখময় কৰিছে, আৰু নৃত্য কৰি পৰমানন্দে আয়ুস ভোগ কৰিছে।

 মনুষ্য সমাজো এটা বৃহৎ যন্ত্ৰৰ নিচিনা, আৰু প্ৰত্যেক মনুষ্য সেই যন্ত্ৰৰ একোটা অঙ্গ বিশেষ। যিমান দিন এই অঙ্গবিলাকে নিজৰ কৰ্ত্তব্য কৰ্ম্ম কৰি থাকে, সিমান দিন সমাজ সুকলমে চলি থাকে, যেতিয়া কোনো এটা অঙ্গই তাৰ