এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২১
চিন্তা-কলি।

নোৱাৰে। যি সুপুৰুষ সি বাহু বলেৰে সংসাৰৰ কাঁইট চোঁৰাত নিৰ্যাতন কৰি ওপৰ উঠে। সিহঁতে বিপদৰ বিকট মূৰ্ত্তি দেখি ভয় নাখায়। সিহঁতে বিপদেৰে সৈতে লুকালুকি খেদে, সঙ্কটক নচুয়ায়, আৰু শোক তাপ আদি তীক্ষ্ণ কাঁইট- বোৰ মষিমূৰ কৰি সংসাৰত পৰমানন্দে কাল কটায়। আনন্দ জীৱনৰ অমিয়া, ইয়াক নেওচন দি যি বেজাৰ গৰলক সাবটি ধৰে, তাক কেতিয়াও বুদ্ধিমান বা সুপুৰুষ বুলিব নোৱাৰি। বনৰ পশু, আকাশৰ পক্ষী, কি পানীৰ মাছ, সকলোৱে এই বিনন্দীয়া সংসাৰত জীৱনৰ অমিয়া উপভোগ কৰে, কেও বেজাৰত বুৰ দি কাল নকটায়। তেনেহলে শ্ৰেষ্ঠ প্ৰাণী মনুষ্য কি কাৰণে এই উপভোগৰ পৰা বঞ্চিত হয়? ক্ষীণজীৱী পশু-পক্ষীয়ে যি মন্ত্ৰৰ বলত নিৰানন্দ বিনাশ কৰি আনন্দৰ ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, সেই মন্ত্ৰ মনুষ্যৰ পক্ষে দুৰ্লভ নে? কদাপি দুৰ্লভ নহয়।

 কৰ্ত্তব্য-পালন নিৰানন্দনাশী মহামন্ত্ৰ। এই মন্ত্ৰেৰে পশু- পক্ষী আদি সংসাৰৰ প্ৰাণীবোৰে নিৰানন্দ বিনাশ কৰে। এই মন্ত্ৰ লাভ কৰিবলৈ অভিলাষ কৰিলে মহাগুৰু কৰ্ত্তব্যত শৰণ লব লাগে। এওঁৰপৰা যি মন্ত্ৰ লাভ কৰা যায়, তাৰ প্ৰয়োগত আনন্দৰ প্ৰৱল বৈৰীবিলাক সেও হয়, আৰু বিপদ সঙ্কট সকলো জঁই পৰে। এই মন্ত্ৰৰ গুণত মানুহে পোতা- শালতো হাঁহিৰ অমিয়া ভুঞ্জিবলৈ পায়। আৰু মৰণৰ জীয়াতুৰে হাতালি খেদিবলৈ সক্ষম হয়। কৰ্ত্তব্য-পালন নিৰানন্দ ডাৱৰনাশী