চিৰকলীয়া বৃত্তি দান কৰিছে, কোনোৱে মূৰ্খৰ মূৰ্খতা নাশনৰ নিমিত্তে পঢ়াশালি পাতিছে, আৰু কোনোৱে বা ৰুগীয়াৰ জীয়াতু কমাবলৈ চিকিৎসালয় স্থাপন কৰিছে; কিন্তু ইমান কৰিও তেওঁলোক জগতত মহৎ বুলি খ্যাত হব পৰা নাই, মহৎ বুলি মানৱ মণ্ডলীৰ পূজা অৰ্চ্চনা পোৱা নাই। আচল মহৎ লোকৰ দয়া অন্য ৰকম, আচল মহৎ লোকৰ পৰোপকাৰ অন্য ৰকম। মহৎলোকে পৰোপকাৰ ব্ৰতস্বৰূপে অনুষ্ঠান কৰে। পৰোপকাৰ তেওঁলোকৰ জীৱনৰ উদ্দেশ্য। কেৱল পৰৰ উপকাৰ সাধনৰ নিমিত্তে তেওঁলোকে জীৱন ধৰে। নিজৰ সুখ দুখ, ইষ্ট অনিষ্ট, সুচল অসুচল তেওঁলোকৰ বিবেচনাৰ বস্তু নহয়। নিজৰ প্ৰাণ অনাহাৰত গলেও তেওঁলোকে আনৰ প্ৰাণ ৰক্ষাত তৎপৰ, নিজে দাৰিদ্ৰ্যৰ নিকাৰ ইতিকিং কৰি আনৰ দাৰিদ্ৰ্য হৰণত ব্যস্ত। মহৎ লোকৰ মন ডাঙ্গৰ, হৃদয় ডাঙ্গৰ। তাত ক্ষুদ্ৰ মানৱী ইচ্ছা বাঞ্ছাই স্থান নাপায়, নিন্দা বা প্ৰশংসাই তাক টলাব বা বিকৃত কৰিব নোৱাৰে। আৰু, মানুহৰ ইচ্ছা বাঞ্ছা নানা দিশে যায়। কিন্তু মহৎ লোকৰ ইচ্ছা বাঞ্ছাৰ দিশ এটা, দ্বিতীয় নাই। তেওঁলোকৰ ইচ্ছা, বাঞ্ছা, কামনা, অভিপ্ৰায় সকলো কেৱল পৰোপকাৰৰ মুখে বয়। পৰোপকাৰ তেওঁলোকৰ জীৱনৰ ওভতনি, পৰোপকাৰ তেওঁলোকৰ কাৰ্য্যৰ কেন্দ্ৰ, পৰোপকাৰ তেওঁলোকৰ আনন্দ আৰু শান্তি, পৰোপকাৰ তেওঁলোকৰ জীৱনৰ ৰাগী। মহৎ লোকৰ পক্ষে
পৃষ্ঠা:চিন্তা-কলি.djvu/২০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
চিন্তা-কলি ৷