এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪
চিন্তা-কলি।

 ন্যায়ৰ জ্ঞান মহত্ত্বৰ এটা উপকৰণ। সত্য যেনে মহত্ত্বৰ পথ, ন্যায়-জ্ঞান তেনে হাতৰ লাখুটি। ইয়াৰ সহায় নহলে সত্যৰ পথত কেও আগুৱাব নোৱাৰে। সত্যৰ পথ সৰল বা মসৃণ নহয়, তাত হুল জোং, পাক চক্ৰ অনেক আছে। ন্যায়ৰ জ্ঞানেৰে সেই বাধাবিলাক বাছি যাব পৰা যায়। ন্যায় অন্যায়ৰ বোধ নাথাকিলে কেৱল সত্যবাদী হলেই মহত্ত্ব লাভ কৰিব নোৱাৰি। যি লোক ন্যায় জ্ঞানত বঞ্চিত, সি উচিত অনুচিত বুজিবলৈকো অক্ষম। কাৰ্য্যৰ কালাকালৰ, আৰু ব্যৱহাৰৰ পাত্ৰাপাত্ৰৰ জ্ঞান মহত্ত্ব-লিপ্সূৰ পক্ষে অতিশয় প্ৰয়োজনীয়। কোন সময়ত কোন কাম কৰা উচিত, কাৰ লগত কেনে ব্যৱহাৰ কৰা উচিত, ইয়াক যি মানুহে স্থিৰ কৰিব নোৱাৰে, সি আনৰ হিত কৰিবলৈ গৈও অহিত কৰাৰ আটক নাই, আনক তুষ্ট কৰিবলৈ গৈও ৰুষ্ট কৰাৰ আটক নাই। ন্যায় অন্যায়ৰ নিশ্চিত নিঃসন্দেহ অবগতি নাথাকিলে অন্যায় কৰ্ম্মকো ন্যায় বুজি কৰিব পাৰে। এইদৰে চলিলে তাক কেও মহত বুলি মান্য নকৰে বৰং অধম বুলি ঘিণায়। উচিত অনুচিত বোধ নথকাৰ বাবে অনেকে সৰল ভাৱে চলিও লাঞ্ছনা ভুঞ্জিবলৈ পায়। ন্যায় অন্যায়ৰ সম্পূৰ্ণ বোধ লাভ কৰা নিচেই উজু নহয়। যুক্তিৰ জাল মেলি গৰ্হিত কথাকো ভাল প্ৰমাণ কৰিব পৰা যায় আৰু যথাৰ্থ ভাল কথাকো গৰ্হিত বুলি প্ৰমাণ কৰিব পৰা যায়। শঠ আৰু বিপৰ্য্যয় যুক্তিৰ বলত সঁচা মিছা হয়, আৰু মিছাও সঁচা হয়।