নিকা কৰি ৰাখিছিল, আৰু দয়া, সত্যবাদিতা,ন্যায়পৰায়ণতা আদি সদ্গুণ পোষণ, কৰ্ষণ কৰি মনোৰাজ্যত সিহঁতৰ একাধিপত্য স্থাপন কৰিছিল। সদ্গুণৰ পৰাক্ৰমত সদ্গুণৰ শাসনত সংসাৰ-সুলভ প্ৰলোভনৰাশিয়ে তেওঁলোকক টলাব নোৱাৰি- ছিল। মুঠকৰি কব লাগিলে, তেওঁলোকে বিশেষ প্ৰয়াসেৰে পৃথিবীত স্বৰ্গৰাজ্য বিস্তাৰ কৰি নিজে তাৰ দেৱতা স্বৰূপে বাস কৰিছিল।
সত্যবাদিতা মহৎ লোকবিলাকৰ সংসাৰ বিচৰণৰ পথ।
এই পথ অৱলম্বন কৰি তেওঁলোকে মহত্ত্বৰ মন্দিৰত উপনীত
হয়। মহৎলোকে সত্যৰ বাজে আন কথা নাজানে, সত্যৰ
বাজে তেওঁলোকৰ একোলৈ ধাউতি নাই। সত্য ৰক্ষাৰ
নিমিত্তে মহৎলোকে অশেষ ক্লেশ ভুঞ্জিবলৈ সাজু হয়।
তেওঁলোকৰ মনত সংসাৰৰ বৈভৱ তুচ্ছ, আপোন পৰিয়াল
তুচ্ছ, আপোন জীৱন তুচ্ছ, কেৱল সত্যই ঘাই, সত্যই প্ৰধান।
সত্যই তেওঁলোকৰ ধ্যান, সত্যই তেওঁলোকৰ জ্ঞান। সত্য
ৰক্ষাৰ নিমিত্তে অগ্নিশিখাত দেহ বিসৰ্জ্জন দিয়া দৃষ্টান্তৰ
অভাৱ নাই। সত্য ৰক্ষাৰ নিমিত্তে পুত্ৰ কন্যা আদি প্ৰিয়
জনক অক্লেশে পৰিহাৰ কৰি অৰণ্যবাসী হোৱা দৃষ্টান্তৰ অভাৱ
নাই। সত্য ৰক্ষাৰ নিমিত্তে ৰাজসিংহাসনৰ আশাত জলাঞ্জলি
দি দেশান্তৰী হোৱা দৃষ্টান্তৰো অভাৱ নাই। এনেকুৱা কঠোৰ
যত্নেৰে সত্যৰ পথ অনুসৰণ কৰিহে অৱশেষত মহৎলোকে
মহত্ত্ব লাভ কৰে।