পৃষ্ঠা:চিন্তা-কলি.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ মহত্ত্ব।

নুষ্য মৰণশীল। কিন্তু কেজনমানে মৰণক জয় কৰি অমৰত্ব লাভ কৰিছে। মৃত্যুৰ সংহাৰিণী শক্তিয়ে তেওঁ লোকক পৃথিবীৰপৰা নিৰ্ম্মূল কৰিব পৰা নাই। তেওঁলোক অদ্যাপি মনুষ্য-সমাজৰ ধৰণি-শিলা, আৰু আন্ধাৰ জগতৰ-ধ্ৰুৱ- তৰা স্বৰূপে বিদ্যমান আছে। তেওঁলোকৰ শৰীৰ পতন হৈছে সঁচা, কিন্তু নাম, যুগমীয়া কীৰ্ত্তিৰ যহত যুগ-যুগান্তলৈকে পৰি থাকিব। তেওঁলোকৰ জ্ঞানৰ তেজোময় ৰশ্মিয়ে অলেখ আন্ধাৰ হৃদয় ফৰকাল কৰিছে, অনেক অন্ধলাক চকু দান দিছে। তেওঁলোকৰ মহিমাই, তেওঁলোকৰ ক্ষমতাই জগতবাসীৰ হৃদয় অধিকাৰ কৰিছে, তেওঁলোকৰ মুখৰ বচন জগতবাসীৰ মুখৰ বচন হৈছে, তেওঁলোকৰ মনৰ চিন্তা জগতবাসীৰ মনৰ চিন্তা হৈছে। মানুহে এই সংসাৰ সাগৰৰ চাকনৈয়াত পৰি উৱাদিহ হেৰুৱালে, সেই মহাপুৰুষ কেইজনে হাতত বন্তি লৈ সিহঁতক গন্তব্য ঠাইলৈ বাট দেখুৱাই নিয়ে। এই কেইজন লোক জগতত মহৎ লোক বুলি প্ৰখ্যাত। এওঁলোক মানৱ মহত্ত্বৰ উচ্চতম আৰ্হি। এই আৰ্হিৰ মহত্ত্ব অতিশয় দুৰ্লভ, সকলোৱে ইয়াৰ গৰাকী হব নোৱাৰে। ই যেনে জগতৰ ভিতৰত উচ্চতম পদ, ইয়াক লাভ কৰাও তেনে গুৰুতৰ কাম। উৎকট যত্ন, উৎকট প্ৰয়াস প্ৰয়োগ কৰিহে দুই চাৰি জনে