পৃষ্ঠা:চিন্তা-কলি.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯
চিন্তা-কলি

কিন্তু আইতকৈ দেউতাৰ খং চাৰ হল। মই কথাটো কবলৈ হে পালোঁ, তেখেতে মোক আগৰপৰা ডবিয়াই খেদি দিলে। এইদৰে সিবিলাক কোনো জনৰ ওচৰত মুখ নাপাই সেই দিনাৰেপৰা ওজাদেওৰ মাৰ কিল সহি থাকিবলৈ ধৰিলোঁ। লুকাই থকা জনৰো স্বভাৱটো মোৰ মানত তেনে যেন লাগিল। তেওঁ লোভ-মোহবিলাকক হাতত এছাৰি দি মোৰ ওপৰত ওজাদেও মেলি দিছিল হবলা। সিহঁতে কিলাই মোক তাও কৰিলেও তেওঁ ৰাম হৰি একো নামাতিছিল, গোচৰ দিলেও কাণ নকৰিছিল। লৰা হৈ নুপজিলে এনেবিলাক নিমৰমিয়াল ওজাদেওৰ হাতত পৰিব নালাগিল- হেঁতেন। হে আচল জনা এই শান্তি-পৰ্ব্বৰ যেন ওৰ নপৰে, মোৰ জীৱনৰ ওৰেই যেন ইয়াৰ ওৰ হয়, আকৌ যেন লোভ- মোহৰ ঢৌ ধুমুহাত পৰিব নালাগে। এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।