পৃষ্ঠা:চিন্তা-কলি.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৭
চিন্তা-কলি।

নাই, থিৰ, সেই উতনুৱালি নাই, গম্ভীৰ, সেই কত-পাম কত-পাম আকাঙ্ক্ষা নাই, নিস্পৃহ। হয়ো-ভাল নহয়ো-ভাল, এনে ভাব, এনে মতি কৰপৰা উপজিল? আগে নাছিল কিয়? দীঘল জীৱনটো মোৰ কিয় অসুখ আহুকালত গল? সুখ বিচাৰি ফুৰোঁতে কেৱল অসুখ হে পাইছিলোঁ। এতিয়া বিচাৰিবলৈ এৰি দিলত সুখ আহি আপুনি দেখা দিলে। আচৰিত বিধান।

 ভাটীবয়স প্ৰিয় বস্তু নহয়। কিয়নো বহুতে ইয়াৰ নামকে শুনিব নোৱাৰে। ই হেনো বেয়া, আহুকালৰ উহ, জীয়াতুৰ চাকনৈয়া। হওক, মোক তাকেহে লাগে। উত্ৰাৱল, উদণ্ড, আপদীয়া ডেকা কালতকৈ মোৰ মানত জুৰ, থিৰ, গম্ভীৰ বুঢ়াকাল এশ গুণে ভাল। এতিয়া কাল কেইটা ৰিজাই চাবলৈ শক্তি হৈছে, আৰু ৰিজাই দেখোঁ যে, লৰাকালটো এটা দীঘল সমাজিক, ডেকাকালটো ভুৱা, কেৱল বুঢ়াকালটোৱেইহে বখানিব লগীয়া কাল। ইয়াত একোৰে উগ্ৰতা নাই। উগ্ৰতা একোৰে ভাল নহয়। উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ। ভাটীবয়স জীৱৰ জিৰণি কাল। জীৱনৰ মহাযুঁজৰ পাচত জীৱই এতিয়া জিৰণি পায়, আৰু আগে কৰা কামৰ লেখ-জোখ লবলৈ, আৰু ভাল বেয়া গমি চাবলৈ আজৰি পায়। ওপজোঁতেই যদি বুঢ়া হৈ উপজিলোঁহেঁতেন, তেনেহলে এতেখিনি যাতনা নাপালোঁহেঁতেন। এতিয়াও গৰাকীত খাটোঁ যেন আগলৈ বুঢ়া কৰি