ছাই নকৰে— অনন্ত চট্ফটনি, অনন্ত ধৰফৰণি। এবাৰ গমি চোৱাঁ কি বিষম সমস্যা। কোন ফালে যাম? লোভৰ বাটে গলে লুকাই থকা জনৰ জগৰ আৰু তাৰ বাটে গলে লোভৰ জগৰ লাগে। মই মাজত পৰি মৰিলোঁ। এনে দোধোৰ- মোৰত মোক কোনে পেলাই দিছিল? এই অৱস্থাৰ অন্ত আছে বুলি ভবা নাছিলোঁ। কিন্তু-অমৃত বাতৰি-ইয়াৰ অন্ত আছে, এতিয়া শুৱনি পাৰে দেখা দিছে। লুকাই থকা জনৰ খিতাপ কিবা কাৰণত ডাঙৰ হল। লোভ-মোহ তাৰ আগত জঁই পৰিবলৈ ধৰিছে। সিহঁতৰ সেই উদ্বহতি, সেই উদ্ভণ্ডালি নাই। অশান্তিৰ সাগৰত শান্তিময় মাজুলীয়ে দেখা দিছে। আগে লুকাই থকা জনৰ খিতাপ নাজানিছিলোঁ। তেওঁ চক্ৰবৰ্ত্তী ৰজা। আদিৰপৰা সেই ৰজাত শৰণ ললে, মই ইমানখিনি দুখ ভুঞ্জিব নালাগিলহেঁতেন। হে শান্তিৰ সঁফুৰা, ইমান দিন কিয় চিনাকি নিদিছিলা? লোভ বা মোহ পিশাচৰ কথা ধৰি অকথাত চলিলে শাস্তি দিছিলা, তেতিয়া তুমি আছা বুলি জানিছিলোঁ, কিন্তু তুমি যে সিহঁতৰ উপৰুৱাল গৰাকী, ই কথা নাজানিছিলোঁ, এতিয়া জানিছোঁ, এতিয়া বুজিছোঁ। তোমাৰ আশ্ৰয়ত থাকিলে সেই পিশাচহঁতৰ আমনি আহুকালে মোক ছুব নোৱাৰিলেহেঁতেন। এইটো মোৰ জীৱনৰ শান্তি-পৰ্ব্ব। এতিয়া জীৱনত ঢৌ ধুমুহা নাই। কি সুখৰ কাল। কতা? সেই অনন্ত আসোঁৱাহ কতা? সেই অনন্ত অসন্তোষ কতা? এতিয়া মনৰ সেই টলবলনি
পৃষ্ঠা:চিন্তা-কলি.djvu/১০০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
চিন্তা-কলি।