সংসাৰত অসজ প্ৰবৃত্তিৰ সেৱক সৰহ। অসজ প্ৰবৃত্তিক দুৰ্জ্জয় প্ৰতাপ। সি সমস্ত জীৱনৰ সঞ্চিত জ্ঞান একে মুহূৰ্ত্ততে লয় কৰে। অসজ প্ৰবৃত্তিয়ে অমৃতময় সংসাৰত গৰল ঢালিলে, সি সুখৰ স্বৰ্গত অসুৰৰ নিচিনা হৈ ঘৰ নিৰন্তৰে দুখ বিলালে, আনন্দৰ উপবনত জুই জ্বলালে। আদিৰপৰা অসজ প্ৰবৃত্তিয়ে মানুহৰ ওপৰত ইমান উপদ্ৰব উদ্ভণ্ডালি কৰিছে যে, তাক সমূলে ধ্বংস কৰিবলৈ অনেক মন্ত্ৰণা কৰা হৈছিল। সেই মন্ত্ৰণাৰ অনুষ্ঠানত অনেক মানুহে পিতৃ, মাতৃ, ভাই, বন্ধু, প্ৰিয়জন পৰিত্যাগ কৰি, গৃহৰ সলনি গিৰি গহ্বৰত বাস লৈ, কঠোৰ তপস্যাত মগ্ন হৈছিল, আৰু সাংসাৰিক সুখৰ আশাত জলাঞ্জলি দি, অৰণ্যত প্ৰাণ এৰিছিল। তেওঁলোকে ভোক, পিয়াহ, তাপ, শীত সকলোকে ইতিকিং কৰি, আত্ম-নিৰ্য্যাতন ব্ৰত ধৰি, কেৱল প্ৰবৃত্তি নাশনত প্ৰবৃত্ত হৈছিল। কিন্তু তদপি সেই কাৰ্যত নিখুঁতীয়াকৈ কৃতকৃত্য হব নোৱাৰিছিল। বৰ্ত্তমান কালতো এই পথৰ সেৱক নিচেই কম নহয়। কঁকালত বাকলি, মূৰত জটা, এনেকুৱা মানুহ এতিয়াও বহুত দেখা যায়। এওঁলোকে প্ৰবৃত্তিৰ দণ্ডি এৰাবলৈ এনেকুৱা ভেশ ধৰে। কিন্তু সকলো চেষ্টা নিস্ফল। প্ৰবৃত্তিৰ গতি, প্ৰবৃত্তিৰ শক্তি, পূৰ্বৰ সদৃশ আজিও অটুটভাৱে চলিব লাগিছে। ফলত জটা ধাৰীৰ জটা, আৰু বাকলিবসনৰ বাকলিয়েই সাৰ হৈছে। আচল কথা, অসজ প্ৰবৃত্তি সমূলে ধ্বংস কৰি সংসাৰৰপৰা গৰল প্ৰবাহ নিৰ্ম্মূল
পৃষ্ঠা:চিন্তা-কলি.djvu/১০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
চিন্তা-কলি