পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৭ )
 

 কৃষ্ণ বলৰামৰ ভোজনঃ এদিন যশোদাই কৃষ্ণক খেলাৰ ঠাইৰ পৰা হাতত ধৰি ঘৰলৈ আনিছে। ৰোহিণী আৰু যশোদাই কৃষ্ণ বলৰামক পিৰাত বহুৱাই খুৱাব ধৰিছে। কৃষ্ণ বলৰামে খাব ধৰিছে। যশোদা-ৰোহিণীয়ে ওচৰতে বহি আদৰ কৰি খুৱাব ধৰিছে।

 कृष्ण बलभद्रका भोजन : एकदिन यशोदा कृष्णको खेलको जगहसे हाथ पकड़कर घर लायो। रोहिणी और यशोदा कृष्ण-बलरामको चौकोपर बिठाकर प्यारसे खिला रही हैं।

 
 শকটত ৰোহিণী যশোদা পুত্ৰক কোলে লৈছা  নন্দ। উপনন্দ।

বৃন্দাবনক যাইবাক প্ৰতি নন্দে
উপনন্দ গোপসমে আলোচ কৰিছা।

 
 

 নন্দ-আদিৰ বৃন্দাবনলৈ গমনঃ শ্ৰীকৃষ্ণই এইদৰে কিছুদিন ক্ৰীড়া কৰি থকাৰ পাছত গোকুলত নানা উৎপাত হব ধৰিলে; তাকে দেখি নন্দ, উপনন্দ আদি গুৱালবিলাকে পৰামৰ্শ কৰি বৃন্দাবনক যাবলৈ ঠিক কৰিলে। এখন গাড়ীত যশোদা আৰু ৰোহিণীয়ে কৃষ্ণ আৰু বলৰামক কোলাত লৈ বহিছে। তাৰ পাছ ফালে আনি এখন গাড়ীত নন্দ উপনন্দ উঠি বৃন্দাবনলৈ যাত্ৰা কৰিছে।

 गोप-गोपियोंका वृन्दावन गमन : श्रीकृष्ण इसी तरह कुछ दिनोंतक कोड़ा करते रहे। गोकुल में अनेक उत्पात होते देखकर नन्द, उपनन्द आदि गवालोंने सलाह करके वृन्दावन जाना तय किया। एक गाड़ीपर यशोदा और रोहिणी, कृष्ण और बलरामको गोदियोंमें लेकर बैठीं हैं। उनके पीछे दूसरी गाड़ीपर नन्द उपनन्द चढ़कर बन्दावन को यात्रा करते हैं।