পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
 

ৰংদৈ। আকৌ দুষ্টালি! আকৌ চুপতি! আৰু এভুকু লাগে
 নে কি ?

চিকৰ্ পতি। পালে লাগে। মুখেৰে পৰমাণ খাওঁতে সিফালে
 পিঠিৰ সােৱাদ উভি গল। আরু এভুকু দিবলৈ আইগা-
 হওক।

ৰংদৈ। হৈছে আইগা। ন তেন্তে।

[ এভুকু মাৰে।

চিকৰপতি। আহা! টোফা! টোফা! সোৱাদ! সােৱাদ !
 মিঠা! মিঠা! মৌ! মৌ! আকৌ এভুকু।

ৰংদৈ। গুচ বাঘে-খােৱা ! তােৰে সৈতে আরু মই চুপতি মাৰি,
 থাকিব নােৱাৰোঁ। কি বতৰা ক ?

চিকৰপতি। তেনেহলে মােৰ ৰংদৈ হাৰিল। বারু তেন্তে
 শুনা এতিয়া কওঁ,—বতৰা ডাঙৰটোৱেই ; সেইবাবেহে
 তােমাৰ ওচৰলৈ আহিছোঁ। রজাই আজি মােৰ ইন্ টাহান
 লব খুজিছে। তেখেতে কৈছে, তেখেতৰ হাতৰ চিৰী-
 আঙঠিটো যদি আজি ৰাতি মই চুৰ কৰি আনিব পাৰোঁ,
 তেহে হেনাে তেখেতে মােক বৰচোৰৰ খিতাপখন দিব ;
 নহলে মোক বৰ্ কাচ কৰিব। মই আজি ৰাতিয়েই চিৰী-
 আঙঠি চুৰ কৰিম বুলি কৈ আহিছোঁ। এতিয়া তুমি
 মোক সহায় কৰিব লাগে; তোমাৰ সহায় নাপালে টান
 হব। তুমি মােক, কোৱাঁচোন, ৰজাই শােৱনিঘৰত
 কেনেকৈ শােৱে ?