পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম দর্শন।
[ লিগিৰী ৰংদৈৰ ঘৰ।]
চিকৰপতিৰ গীত গাই প্রবেশ।
( গীত )

তাইৰে নাইৰে দা নি
 না দেব তা না দে ৰে নুম্।
ৰংদৈক মই হে জানাে,
 আন কাকো নাজানোং ॥

ৰংদৈ৷ বাঘে-খােৱা ! কি হল ? আজি দেখোন বৰ উছাহ!
 কাৰবাৰ সৰ্ব্বনাশ কৰি আহিলি হবলা?

চিকৰ্ পতি। মােৰ সৰ্পনাশৰ হে ওচৰ চাপিছোঁ; আৰু সেই-
 বাবেই এইটো উসাহ, এইটো নিসাহ। বোলোঁ, আজি
 মই হামদৈ পথাৰৰ মাজেদি আহোঁতে ওৰে বাটে ভাবি
 আহিছিলোঁ, মােৰ ভােগালী-ভোগদৈ ৰঙালী-ৰংদৈৰ পূৰ্ণিমাৰ