পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
চিকৰ্ পতি নিকৰ্ পতি।


টেকেলা। খালৈভাঙী নহয় কালীমণি হাজিৰ!

চিৰদ্দাৰ। (টেকেলাক ধম্ কি দি) তই গরু! মাত কালীমণি
 পদকিয়ানী।

টেকেলা। খালিমণি পদকিয়ানী। খালিমণি পদকিয়ানী হাজিৰ!
 খালিমণি !!!

বেটেউ আরু কালীমণিৰ প্রবেশ ।

চিৰদ্দাৰ। (টেকেলাক) গুচৰীয়ানীক হলফ দে।

[ গুচৰীয়ানীক হলফ দিয়া হয়।

বৰবরুৱা। তােৰ কি গোচৰ ক ?

বেটেউ। দেউতা, মােৰ চাৰি বছৰীয়া লৰাটো সেই ৰাইকহণীয়ে
 (কালীমণিক দেখুৱায়) কাটিলে। (চকুৰ পানী টোকে।)

 বৰবরুৱা। ক কেনেকৈ কাটিলে, আৰু কিয় কাটিলে ?

বেটেউ। আমি দুয়াে ওচৰচুবুৰীয়া। মােলৈ তাইৰ সদায়
 আখেজ। মই ঘৰত নথকাত তাই লৰাটো তাইৰ ঘৰলৈ
 ভুলাই লৈ গৈ কাটি, মােৰ ঘৰত পেলাই থৈ গলহি।
 দেউতা, তাইক হুকুম দিয়ক, তাই মােকো কাটক ; মোৰ
 লৰাটো কাটিলে যেতিয়া মােকো কাটক ; মই নো আরু
 জীয়াই থাকি কি হব। (চকুৰ পানী টোকে)।

 বৰবরুৱা। (কালিমণিক) তই এইৰ লৰাটো কাটিছিলি নে ?

কালীমণি। দেউতা, গোসাঁই সাখী। মই এনে মহাপাপৰ
 কাম কেতিয়াও নাই কৰা ; কেতিয়াও কৰিব নোৱাৰোঁ