পৃষ্ঠা:চান (কবিতা পুথি).pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৯)

লভিবলৈ আন হাত মেলিলেই ভাল ফল লাভ বা উন্নতি হব নোৱাৰে। আমাৰ যে আশা-কামনা পূৰণ নহয়, তাৰ কাৰণ সেয়ে। শক্তিধাৰণ ক্ষমতা আমি বঢ়াবও পাৰোঁ, টুটাবও পাৰোঁ— ই আমাৰ ইচ্ছাধীন ব্যাপাৰ। শক্তিৰ আধাৰ ৰবৰৰ মোনাৰ দৰে। সজ জীৱনৰ আৰু স্বাস্থ্যৰক্ষাৰ নীতি-নিয়মবোৰ পালিলেই শক্তি-পাত্ৰ বাঢ়ে; অসৎ পথে গৈ কদাচাৰ অত্যাচাৰ কৰিলেই আমাৰ শক্তিৰ হ্ৰাস হব আৰু আমাৰ জীৱন অধোগামী হৈ অসুখীয়া আৰু অশান্তিময় হব। শক্তিৰ অপচয় আৰু হ্ৰাসেই অসুখ-অশান্তি আৰু ৰোগ-বেমাৰৰ মূল কাৰণ। সুখ-দুখ, শান্তি-অশান্তি, হৰ্ষ-বিষাদ আদিৰ পৰ্য্যায়ক্ৰম ( alternation ) শক্তিৰ হ্ৰাস-বৃদ্ধিৰ পৰাই হয়। সেই কাৰণেই সকলো যুগতে মনিষীসকলে শক্তি সঞ্চয় কৰিবলৈ উপদেশ দিয়ে।