পৃষ্ঠা:চাণক্য.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৩১ )

আৰ্জিত বস্তক  ভুঞ্জিবাক পাইলে (৬৭)
 সমস্তে আনন্দ কৰে।
যি সব দেশত  নাহিকে সন্মান
 নকৰন্ত সত কাৰ।
মিত্ৰ নাহিকন্তু,  বান্ধৱ নাহিকে
 বন্ধুগণ আপোনাৰ॥
একো বিদ্যা যদি  দেখিবে নপাৰে,
 আসিবেক পৰিহৰি।
খুজিয়ো নাপায়  বান্ধব নাহিকে
 জীবো তাত কেন কৰি॥
পণ্ডিতক নিন্দি  মুৰুখকদেই (৬৮)
 তাক দানী বুলি হত।
হতযজ্ঞ বুলি  দান নকৰয়
 দক্ষিণা নাহিকে যাত॥
ৰূপৱতী কন্যা  স্বামী নাহিকন্ত
 তাহাক বোলন্ত হত।


(৬৭) যস্মিন্ দেশে ন সন্মানো ন প্ৰীৰ্তিনচবান্ধবঃ
নচ বিদ্যাগমঃ কশ্চিৎতং দেশং পৰিবৰ্জ্জয়েৎ।
(৬৮) ... .. ... ...