পৃষ্ঠা:চাণক্য.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)

শিষ্যক পুত্ৰক ভাল কৰিব যিজন।
কৰিব তাড়না তাক নকৰি লালন॥
এহিমতে ভাল মন্দ শিষ্যৰ পুত্ৰৰ।
শুনিয়ো প্ৰমান কহোঁ অধম মিত্ৰৰ।
পাচত অনিষ্ট চিন্তে আগে চিন্তে হিত। (৪৩)
কুমন্ত্ৰনা দিয়া লাৰিবাক চাৱে চিত্ত॥
সেহিটো অধম মিত্ৰ নপাই তাৰ চিত।
বিষ কলসৰ যেন মুখত অমৃত॥
কুমিত্ৰত বিশ্বাস নাই নাপাই তাৰ মতি। (৪৪)
কুভাৰ্য্যাৰ লগে তাৰ হৰাইব সুৰুতি॥
দুষ্ট ভাৰ্য্যা সমে প্ৰীতি নাহি একো কাল।
শুনিয়ো যিসব বস্তু নুহিকন্ত ভাল॥
বস্ত্ৰ নাহি অলঙ্কাৰে নকৰে শোভন। (৪৫)
দধিঘৃত না থাকিলে আসুৰী ভোজন॥
নাৰীৰ নাহিকে স্তন সৰ্ব্বাঙ্গে সুন্দৰী।
তিনিয়ো নুহিকে ভাল থোৱা দূৰ কৰি॥


(৪৩) পৰোক্ষে কাৰ্য্য হন্তাৰং প্ৰত্যক্ষে প্ৰিয়বাদিনং
 বৰ্জ্জয়েদ্ যত্নতো বন্ধুং বিষকুম্ভং পয়ো মুখম্।
(৪৪) ... ... ... ... ...
(৪৫) বস্ত্ৰহীন স্তলঙ্কাৰো ঘৃত হীনঞ্চ ভোজনং
 স্তন হীনাচ যানাৰী দুৰতঃ পৰি বৰ্জ্জয়েত।