পৃষ্ঠা:চাণক্য.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)

শীঘ্ৰে কৰ্ম্ম কৰিবেক নকৰি বিশ্ৰাম।
সিংহত শিখিবে গুণ এহিসে উত্তম॥
যদি শক্ৰগণক জিনিবে মন থাকে। (২০)
নুহি তেবে আন কোন কৰ্ম্ম কৰিবাকে॥
কৰিবাক নপাৰিলে চৰ্চ্চায়ো নকৰি।
ছলক চাহিয়া থাকিবন্ত ধৈৰ্য্য ধৰি॥
বলে যেন চুম্পি থাকে ছলমাত্ৰ চই
ঠোটে ধৰি মাৰে মংস্য এৰন নাযায়॥
এহি মতে নৰে কৰিবেক কৰ্ম্ম গণ।
বগৰ এহি সে গুণ পৰম শোভণ॥
এবে চাৰি গুণ কহো শুনা কুকুড়াৰ। (২১)
নাখাই কাহাকো এৰি পুত্ৰ পৰিবাৰ॥
প্ৰভাতে উঠিয়া বোলে সূতৰ বচন।
দুই পায়ে আঞ্চুৰিয়া কৰয় ভোজন॥
কুকুৰাত চাৰি গুণ জানিবা সকল।
প্ৰভাতে উঠিয়া বাক্য বুলিবা কোমল॥


(২০) সৰ্ব্বেন্দ্ৰিয়ানি সংযম্য বকবৎ পণ্ডিতো জনঃ
  দেশ কালোপ পন্নানি সৰ্ব্বকাৰ্য্যানি সাধয়েৎ।
(২১) যুদ্ধংচ প্ৰাতৰুত্থানং ভোজনং সহ বন্ধুভিঃ
  স্ত্ৰিয়মাপদ্গতাং ৰক্ষেৎ চতুঃ শিক্ষেত কুক্কুটাৎ।