পৃষ্ঠা:চাণক্য.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

অষ্টোত্তৰ শত শ্লোক কহন্ত চাণক্যে।
অৰ্থ ভাঙ্গি পদবন্ধে নিবন্ধিলোঁ তাকে।
জ্ঞানৰ সদৃশ আক জানিবা সম্প্ৰতি।
কথাৰ সদৃশ বিৰচিলা ৰাম পতি॥

প্ৰথমতে কহোঁ শুনা বিষৰ লক্ষণ। (১)
এক বিষ বহু নিদ্ৰা নাহিকে চেতনা॥
এক বিষ ৰাত্ৰিকালে কৰয় গমন।
আৰু এক বিষ জানা অজীৰ্ণ ভোজন॥
নিজে বিষ খাই মৰে নাহিকে সংশয়।
এহি পাঞ্চ বিধ বিষ জানিবা নিশ্চয়॥*


(১) বিষং চঙ্‌ক্ৰমণং ৰাত্ৰৌ বিষং বাজ্ঞোহনুকৃ লতা
 বিষং স্ত্ৰিয়োহপ্যস্তৰতা বিষং ব্যাধি ববীক্ষিতঃ
 অনভ্যাসে বিষং বিদ্যা চাজীৰ্ণে ভোজনং বিষং
 বিষং গোষ্ঠী দৰিদ্ৰস্য বৃদ্ধস্য তরুণী বিষং।
ৰি জোৱাঁ।
এক বিষ বৃক্ষ মূলে কৰন্ত শয়ন।
এক বিষ ৰাত্ৰি কালে কৰন্ত ভ্ৰমণ॥
এক বিষ বহু নিদ্ৰা নাহিকে চেতনা।
আৰু এক বিষ জানা অজীৰ্ণ ভোজন॥
নিজে বিষ খাই মৰে নাহিকে সংশয়।
এহি পাঞ্চ বিধ বিষ কহিলাঁ নিশ্চয়॥

মাধৱদাস।