কৰিলে। কোৱা আছে চাণক্যই নিজৰ নীতিশাস্ত্ৰক ছয় হেজাৰ
শ্লোকেৰে সম্পূৰ্ণ কৰিছিল। তাৰ প্ৰমাণ প্ৰাচীন কবি আৰু
আলঙ্কাৰিক আচাৰ্য্য দণ্ডীধৰ দশকুমাৰ চৰিত্ৰ গ্ৰন্থৰ বিশ্ৰুত
চৰিতৰ এঠাইত এইদৰে লিখা আছে। “অধীষ্ব তাৰদ্ধণ্ড নীতিম্।
ইয়মিদানীমাচাৰ্য্যবিষ্ণুগুপ্তেন মৌৰ্য্যাৰ্থে ষড়্ভিশ্লোকসহস্ৰৈঃ
সংক্ষিপ্তা॥ অৰ্থাৎ ৰাজনীতি শাস্ত্ৰ অধ্যয়ন কৰা। এতিয়া
আচাৰ্য্য বিষ্ণুগুপ্ত অৰ্থাৎচাণক্য, মৌৰ্য্যবংশীয় চত্ৰগুপ্তৰ কাৰণে
এই নীতিশাস্ত্ৰ ছয় হেজাৰ শ্লোকত সংক্ষেপে ৰচনা কৰিছে। সেই
গ্ৰন্থৰে আন এঠাইত প্ৰাচীন আৰ্য্যযুগৰ নীতিশাস্ত্ৰ কাৰনিক
লৰ বিষয়ে এইদৰে আছেঃ— যেহাপি মতিকৰ্কশাস্ত্ৰন্ত্ৰকাৰী শুক্ৰ
দিবস।
বিশালাক্ষ বহুদস্তি পুত্ৰ পৰাশৰ প্ৰভৃতয়ঃ
দশকুমাৰ ৰচিত, ৮ম উচ্ছাস।
ওপৰত লিখা প্ৰমান বিলাকৰ পৰা বুজা যায় যে আৰ্য্যযুগৰ শেষত চাণক্যই নীতিশাস্ত্ৰৰ প্ৰথম সংস্কাৰক। সুপ্ৰনিদ্ধ নীতিসাৰ নামক নীতিশাস্ত্ৰৰ ৰচয়িতা কামন্দক চাণক্যৰ এজন প্ৰধান শিষ্য আছিল। যি সময়ত চাণক্যৰ সহায়ত চন্দ্ৰগুপ্তে মন্দবংশ ধ্বংস কৰি পাটলিপুত্ৰত ৰাজসিংহাসনত বহে। সেই সময়ত কামন্দকে “নীতিসাৰ” গ্ৰন্থৰ প্ৰণয়ন কৰি কিতাপ খনি চন্দ্ৰগুপ্তৰ নামে উচৰ্গা কৰে। সেই কিতাপত গ্ৰন্থকাৰে মঙ্গলাচৰণত চাণক্যৰ বিষয়ে এইদৰে লিখিছে।-
“বংশে বিশাল বংশ্যানামৃষীণামিব ভূয়সাম্।
অপ্ৰতিগ্ৰহকাণাং যো যভূব ভূবি বিশ্ৰুতঃ॥