পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
চাকৰি ক’তেনো পাম?

জিলাৰ হাজো মহকুমাৰ মহকুছি নামৰ এখন গাঁৱৰ খুব সম্ভৱতঃ প্ৰথম ডিগ্ৰীধাৰী। অৱশ্যে দেউতায়ো গুৱাহাটীৰ উজানবজাৰৰ সেই সময়ৰ বিখ্যাত গোস্বামী পৰিয়ালৰ তত্ত্বাৱধানত থাকিয়েই হাইস্কুলীয়া তথা কলেজীয়া শিক্ষা গ্ৰহণ কৰি চাকৰিত সোমাইছিল।

 বিবাহৰ পিছৰ ছাত্ৰী তথা সাংসাৰিক জীৱনৰ কিছু কথা মাৰ লিখনিৰ পৰাই তলত তুলি দিলো।

 “বিয়াৰ পিছদিনা দোকমোকালিতে ব্ৰহ্মপুত্ৰ নদী ফেৰীৰে পাৰ কৰাই সিপাৰত ৰৈ থকা ছৈ দিয়া ম'হৰ গাড়ীত তুলি শহুৰৰ ঘৰ গছকাবলৈ নিয়া কথাটো আজিও মনত পৰে। সৰুতে বিয়া দিয়া হৈছিল যদিও ঈশ্বৰৰ একপ্ৰকাৰ অনুগ্ৰহ বুলিয়েই ক'ব লাগিব যে দশম শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ পিছতহে মই সংসাৰ কৰাৰ বাবে উপযুক্ত হৈছিলো। ১৯৪৮ চনত গুৱাহাটীত নকৈ স্থাপিত হোৱা উচ্চ ন্যায়ালয়ত কমিছৰ অফিচৰ কিছুসংখ্যক কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল। সেইসকলৰ এজন হিচাপে মোৰ স্বামীয়েও হাইকোৰ্টত নিযুক্তি লাভ কৰি প্ৰশিক্ষণৰ বাবে কলিকতালৈ যাবলগীয়া হোৱাত মই মেট্ৰিক পৰীক্ষা দিয়াৰ সময়লৈকে পিতৃগৃহতে থকাৰ সুবিধা পাইছিলো।

 পৰীক্ষা শেষ হোৱাৰ কেইদিনমান পিছতে মোক গাঁৱলৈ নি শহুৰৰ ঘৰত ধৰ্মীয় আনুষ্ঠানিকতা পালন কৰাৰ অন্তত মোক তাতে থৈ অহা হ'ল। স্বামীয়ে সপ্তাহটোৰ শেষত শনিবাৰে ঘৰলৈ যায় আৰু সোমবাৰে পুৱাতে গুৱাহাটীলৈ উভতি আহে। গাঁৱৰ ভাষা, নীতি-নিয়ম আদি নজনাৰ বাবে পোনতে কিছু অসুবিধা হৈছিল যদিও পিছলৈ কথাবোৰ মোৰ বাবে সহজ হৈ পৰিছিল। গাঁৱলীয়া গৃহস্থীৰ কামবোৰ শিকি-বুজি লৈ সকলোৰে লগত মিলিজুলি, হাঁহি-মাতি চলিছিলো বাবে পৰিয়ালৰ আটাইৰে মৰম-চেনেহ পাবলৈ সক্ষম হৈছিলো। চহৰত ডাঙৰ হোৱা ছোৱালী বুলিয়েই গাঁৱলীয়া গৃহস্থীৰ বেছি কষ্টকৰ কামবোৰৰ পৰা মোক ৰেহাই দিয়া হৈছিল।

 কেইমাহমানৰ পিছৰ কথা; এটা শনিবাৰে ঘৰলৈ গৈ গৃহস্থই মোক খবৰ দিলে যে ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল বাহিৰ হৈছে, মই দুটা বিষয়ত লেটাৰ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে