পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমৰ শিক্ষিত নিবনুৱা সমস্যা

আৰু ব্যৱসায়

 প্ৰবন্ধটোৰ আৰম্ভণিতে মই কৃতজ্ঞতা জনাব বিচাৰিছো শ্ৰীযোগেশ শৰ্মাদেৱলৈ, অশীতিপৰ যিজন মানুহ অসমৰ মুদ্ৰণ ব্যৱসায়ৰ লগত জড়িত এজন অগ্ৰণী ব্যৱসায়ী। তেখেতৰ দেউতাক ডাক্তৰ আছিল যদিও সৰুৰেপৰা স্বাধীনমনা মানুহজনে আজিৰপৰা প্ৰায় ৬০ বছৰ আগতে বি.এ. পাছ কৰি নলবাৰীৰ পৰা গুৱাহাটীলৈ ঢাপলি মেলিছিল কিবা এটা স্বাধীনচিতীয়া ব্যৱসায় কৰাৰ সপোন চকুত লৈ।

 গুৱাহাটীলৈ আহি তেখেতে দুবছৰমান অসম চৰকাৰৰ টেক্সটাইল আৰু উইভিং বিভাগত চাকৰিও কৰিছিল। বি.এ. পাছ মানুহ এজনৰ বাবে সেই সময়ত চৰকাৰী চাকৰিৰ অভাৱ নাছিল। কিন্তু চৰকাৰী চাকৰিৰ আৰামী আৰু নিষ্ক্ৰিয় জীৱনটোৱে মানুহজনক দুবছৰমানতে আমুৱাই পেলালে। স্বইচ্ছাই চাকৰি বাদ দি ব্যৱসায়লৈ গ'ল আৰু আৰম্ভ কৰিলে তাঁতশালৰ লগত জড়িত বোৱা-কটা সামগ্ৰীৰ ব্যৱসায়। পিছলৈ তেখেতে আৰম্ভ কৰিলে শৰাইঘাট প্ৰিন্টাৰ্ড, গুৱাহাটী ক্লাবৰ কাষত। মনৰ উদ্যম, সততা, নিষ্ঠা, কোনো ভাল কাম কৰিবলৈ লাজ, ভয়, শংকা নকৰা পৰিশ্ৰমী মানুহজনে দোপদোপে আগবাঢ়িবলৈ ধৰিলে।

 এটা সময় আছিল যেতিয়া অসমৰ মুদ্ৰণ জগত আৰু যোগেশ শৰ্মা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি স্বৰূপ আছিল। কৰ্মনিষ্ঠাৰে তেখেতে ব্যৱসায়ৰ