পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
চাকৰি ক'তেনাে পাম?

 তেনে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে বেঙ্ক, জীৱনবীমা আদি অনুষ্ঠানৰ বিভিন্ন পৰীক্ষাৰ বাবে তৈয়াৰী আৰম্ভ কৰে। সেই একেধৰণৰ তৈয়াৰীৰ জৰিয়তে বহিব পৰা এক বিশেষ বিভাগৰ পৰীক্ষা সম্পৰ্কে ছাত্ৰ- ছাত্ৰীক কিছু কথা জনোৱাই এই লিখনিৰ মূল উদ্দেশ্য।

 আমাৰ ৰাজ্যখন সকলো দিশতে পিছুৱাই থকাৰ এক অন্যতম কাৰণ আমাৰ দৃষ্টিত এয়ে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন দপ্তৰত আন আন প্ৰভাৱশালী ৰাজ্যসমূহৰ তুলনাত আমাৰ ৰাজ্যৰ মানুহৰ উপস্থিতি তেনেই কম। এই সংখ্যা বঢ়াব নোৱাৰিলে কেৱল দুই-এজন আই.এ.এচ্, আই.পি.এচ্ আদি বিষয়াৰ দ্বাৰা আমাৰ বৰ্তমানৰ অৱস্থাৰ হয়তো বৰ বেছি পৰিৱৰ্তন নঘটিব।

 ষ্টাফ্ ছিলেক্‌ছন্ কমিছন্ (SSC) কি আৰু এই অনুষ্ঠানে কি কি চাকৰিৰ বাবে পৰীক্ষা পাতে সেই সম্পৰ্কে বহুতেই জানে যদিও আন বহুতে আকৌ সেই সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ।

 কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আই.এ.এচ্ (IAS), আই.পি.এচ্ (IPS), আই.এফ.এচ্ (IFS) আদিৰ চাকৰিক A ‘গ্ৰেড’ত ধৰা হয় আৰু সেইবোৰৰ বাবে পৰীক্ষা পাতে ইউনিয়ন পাব্লিক চাৰ্ভিছ কমিচনে (UPSC)।

 ওপৰোক্ত চাকৰিবোৰৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বাকী চাকৰিবোৰক B, C, D ‘গ্ৰেড’ত ধৰা হয়। জনামতে প্ৰত্যেক বছৰে প্ৰায় পোন্ধৰৰ পৰা বিশ হাজাৰমান মানুহ এই চাকৰিবোৰৰ বাবে দৰকাৰ হয়। এইসকলোবোৰ চাকৰিৰ বাবে পৰীক্ষা পাতে ষ্টাফ্ ছিলেক্‌ছন্ কমিছনে।

 পৰীক্ষাবোৰ তিনিটা স্তৰত অনুষ্ঠিত হয়—প্ৰথমটো ‘মেট্ৰিক’ পাছ কৰাসকলৰ বাবে Multi Tasking Staff Examination (MTS), যিটোত বয়সৰ উৰ্দ্ধতম সীমা ২৫ বছৰ আৰু যিটো পাছ কৰিলে প্ৰায় ২৫,০০০ মান টকাৰ দৰমহাৰে চাকৰি এটাৰ আৰম্ভণি হয়। দ্বিতীয়টো, ‘হায়াৰ ছেকেণ্ডাৰী’ পাছ কৰা সকলৰ বাবে Combined Higher Secondary Examination (CGHL), যিটোত বয়সৰ উৰ্দ্ধতম সীমা ২৫ বছৰ আৰু যিটো পাছ কৰিলে প্ৰায় ৩০,০০০ মান টকাৰ দৰমহাৰে চাকৰি এটাৰ আৰম্ভণি হয়। তৃতীয়টো, ‘ডিগ্ৰী’ পাছ কৰা সকলৰ বাবে Combined Graduate Level Examination (CGL), যিটোত