বিজয়। 'অ' আমাৰ ডাঙ্গৰীয়াও দেখোন।
ধনঞ্জয়। হয়, আপোনাৰনো বয়স হৈছে কিমান?
বিজয়। মুঠেই একুৰি পাঁচ।
ধনঞ্জয়। ভৰ যোৱান। ইপোনে ফাপৰৈও ধৰিছে। নাম বা কি?
বিজয়। সেই, মানুহে বিজয় বুলি মাতে।
ধনঞ্জয়। বঢ়িয়া নাম; ধন সম্পতি কিমান?
বিজয়। মোৰ প্ৰভুৰ অনুগ্ৰহত—অলপ চলপ আৰু সেই
ধনঞ্জয়। কথা হ'লে আপুনি বেচকৈ ক’ব জানিছে। আপোনাৰ জ্ঞান কিমান?
বিজয়। গিয়ান, হলে এধান মান আছে।
ধনঞ্জয়। হা হা হা অজ্ঞানীনেষেহে নিজক জ্ঞানী বুলি ভাবে; এই কথা ঋষি-মুনি সকলে কৈ গৈছে। পিচে এই মানুহ জনী নিবৰ মন কৰিছেনে কি?
বিজয়। এ কোনে কৈছে?
ধনঞ্জয়। পঢ়া শুনা কিমান?
বিজয়। মিছা ক'লে কি হ'ব, সেই পিনে হলে শূন্য
ধনঞ্জয়। তেনেহ'লে মই শিকনি দিওঁ লোৱা, এবাটি পানী অইন এটা বাটিলৈ বাকিলে ইটো শুদা হয় আৰু সিটো চপ্চপীয়া হয়। সংস্কৃত জনা পণ্ডিত সকলে কয় বোলে সঃ মানে সি। কিন্তু আতৈ তুমি হলে সেইটো সঃ নোহোৱা; কাৰণ সেইটো সি মইহে।
বিজয়। কোন সি ডাঙ্গৰীয়া?