পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
চন্দ্ৰাৱলী


তহঁত হতশ্ৰী হবি। সোনকালে নাও নুমাব, বৰ পুতেৰৰ মূৰ খাবি, ঘৰত জুই লাগিব, শেহত গাত পোক দি মৰিবি? আৰু বংশও লোপ হব। তহঁতৰ নিচিনা এজাক বান্দৰে জানো মোক বামুণ ভাঙ্গিব পাৰিবি।

সনাতনৰ প্ৰস্থান।

চতুৰ্থ গৰ্ভাঙ্ক।

কুটিৰ।

চন্দ্ৰাৱলী আৰু হেমাঞ্জলীৰ প্ৰবেশ।

চন্দ্ৰাৱলী। থাকি থাকি কেতিয়াবা মোৰ
কান্দিবৰ মন যায় কিয়?
হেমাঞ্জলী। তোমাৰ কোমল অন্তৰত
কিবা কিবি দুখৰ কথাই
থাকে খেলি সকলো পৰতে;
সেই বাবে ভিতৰৰ ভাব বোৰ
চকুয়েদি জৰি জৰি
পানীহৈ পৰে বাহিৰত।
চন্দ্ৰাৱলী। অৰণ্যত থাকি বহু দিন,
বহু দিন নগৰ নেদেখি
মন মোৰ লাগিছে চঞ্চল।