পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
চন্দ্ৰাৱলী।


 ধনঞ্জয়। মই দান নলওঁ, আপুনিহে দান লয়।

 সনাতন। কন্যাদাতা নহলে বিয়াই নহয়।

 পুৰন্দৰ। (আগবাঢ়ি) মই দিম, মই দিম একো কথা নাই

 ধনঞ্জয়। ভাল বহালোঁ বাপেকে; হয় ডাঙ্গৰীয়া, এই আপোনাক কি বোলে বালক! সিবেলিৰে পৰা আৰু আজিহে লগ পাইছোঁ। (বেহুলীক) হেৰ ভিনীহিয়েৰক চিনি পাইছনে!

 বহুলী। মোৰ ভিনীহিয়েই নাই।

 ধনঞ্জয়। চুৱা-খাতী বোল কি হয় এটা; ভিনীহি বুলিলে জানো খয় যাবি!

 পুৰন্দৰ। তোমাৰ নিচিনা ভাল মানুহ এজনৰ বিয়া এই অজগৰলটোৰ হতুৱাই কেলেই কৰোৱা। ভাল চাই উদাসীন বামুণ এজনৰ হতুৱাই বিয়া খন পাতা। মিছাকৈ লেপ্‌-ধেপ্‌ কৰাই নথবা।

 ধনঞ্জয়। এৰা এওঁক আকৌ গৰু এজনী লাগে। মোৰো আকৌ হোম পোৰা বিয়া খন পাতিবৰ মন নাই চকলং এখন কৰি থব পাৰিলেই হয়।

 পুৰন্দৰ। গুচি আহাঁ, এইডাল একো পণ্ডিত নহয়।

 ধনঞ্জয়। বহুলী আহা যাওঁগৈ। দেউ, নমস্কাৰ, যাবগৈ আৰু, আপোনাৰ লগত আমাৰ একো সকাম নাই।

ধনঞ্জয়, বহুলী আৰু পুৰন্দৰৰ প্ৰস্থান

 সনাতন। এনেকৈ ভাল মানুহক মস্কৰা কৰে। কতা