পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
চন্দ্ৰাৱলী।


মৰণে তুমিও মোক বঞ্চনা নকৰিবা, ময়ো নকৰোঁ। সপত্নীকং ধৰ্ম্মমাচৰেৎ অৰ্থাৎ আমি দু্যো অধৰ্ম্মত ভৰিকে দিব নেপায়।

 বহুলী। ইমানবোৰ কথা শুনি মোৰ গাত পিৰ-পিৰণী উঠিছে আৰু জিভাত চুণে ডকাৰ দৰে ডাকিছে। অধৰ্ম্মনো কিহক বুলিছা।

 ধনঞ্জয়। অৰ্থাৎ অধৰ্ম্ম হৈছে সংযম আক সংযম হৈছে আমাৰ অবয়ব; এতিয়া বুজিলা নহয়?

 বহুলী। বুজিলোঁ। সৌ গৰাকীনো কোন আহিছে?

 ধনঞ্জয়। আমাৰ সনাতন পণ্ডিত।

সনাতনৰ প্ৰবেশ।

 ধনঞ্জয়। দেউ সেৱা কৰিছোঁ; হেৰ চুৱা-খাতী সেৱা কৰ।

 সনাতন। কন্যা এৱেঁই হ’বলা?

 ধনঞ্জয়। কন্যা বুলিব নোৱাৰি, বুঢ়ীয়েই হ'ল।

 সনাতন। হওঁতে জোৰা-সম্প্ৰদা আহিছে, অৰি-ষড়ষ্টক। পিচে বৰ দোষ, কাল দোষ আৰু দৈব দোষ,⸺এতেকে ভাল এসেৰ মান গাখীৰ ওলোৱা খীৰতী গৰু এজনী দানং দদ্যাৎ অৰ্থাৎ মোক দিব লাগিব।

 বহুলী। দেউ, আমাৰহে ভাল হ'ব লাগিছে, গৰু জনী একো বস্তু নহয়।

 সনাতন। পিচে কন্যাদাতা হয় কোন? দান দিব লাগিব নহয়?