বহুলী। মই জানো তোমাক বেয়া বুলিছোঁ?
ধনঞ্জয়। গৰু আগত টোকাৰী বায়, কাণ-মূৰ জোকাৰি ঘাঁহ খায়;-বোলো মই ভাল নানুহ নহওঁ জানো?
পুৰন্দৰ। (নুশুনাকৈ) জ্ঞানৰ প্ৰতাপ চোৱা, কেনে ধুনীয়া যোজোনা দিছে।
ধনঞ্জয়। অবুজনক বুজুৱাও যেনে, ধেৰুৱা ঠাৰি সিজিৱাও তেনে; বোলো মোৰ কথাকে যদি নুবুজা তেনেহলেনো আমি দুয়ো কেনেকৈ একেলগে থাকিম? হায়, হায়, মোৰ ঈশ্বৰে তোমাক আৰু অলপ বুজন কৰা হ'লে!
বহুলী। কেলেই, মই জানো এতিয়া বুজন নহওঁ?
ধনঞ্জয়। দেখোতে হ’লে বুজন, কিন্তু কথাত বুজন নোহোৱা অলপ আৰু পৈনত হ'ব লাগিছিল।
পুৰন্দৰ। (নুশুনাকৈ) জধামূৰ্খ!
বহুলী। পিচে আমাৰনো বিয়াৰ দিন হৈছে কাহানিকৈ?
ধনঞ্জয়। একো ঠিক হোৱা নাই, সনাতন পণ্ডিত এতিয়াই আহিব, চাই-চিতি দিবহি।
পুৰন্দৰ। বাৰু পণ্ডিতেনো আহি কি কয় শুনিয়েই যাওঁ।
ধনঞ্জয়। প্ৰথমতে বিদ্যা উপাৰ্জ্জন,-সেই দফা আমাৰ হ’লেই। দ্বিতীয়ত ধন আৰ্জ্জন,—ধন মোক নেলাগেই। তৃতীয়ত তোমাক লাভ কৰা হৈছে—অৰ্থাৎ ক’বলৈকে লাজ লাগে,—গৃহবাস। তুমি মোৰ ধৰ্মপত্নী হ’বা; সুখে দুখে জীৱনে