পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
চন্দ্ৰাৱলী।

দিবা তুমি মাটি এচপৰা
নিদিবা শগুনে খাব;
আহিলোঁ, বিদায় আৰু, থাকিবা পুষ্কৰ।

পুষ্কৰ। কি কৰা সুৰথী,
থাকা তুমি খন্তেক থিৰেৰে,
এখন্তক নেৰিবা জীৱন।
এই অৰণ্য মাজত যিহকে বা পাওঁ,
পাৰিলে আনিম তুমি খাবৰ কাৰণে,
নোৱাৰিলে হিংসক জন্তুৰ
হ’ম মই নিজেই আহাৰ।
নিদিবা যমক তুমি ওচৰ চাপিব
এখন্তক থোৱা নিলগতে,
তুৰন্তে অহিম মই
পাৰিলে আনিম কিবা
নোৱাৰিলে একেবাৰে দিমহি বিদায়।
কিন্তু মই উলটি অহাৰ
আগেয়ে জীৱন এৰি
নকৰিবা মোক তুমি মিছা উপহাস।
দেখিছোঁ সতেজ,
বল আছে,—ভয় নকৰিবা।
পৰি আছা চেঁচা বতাহত
আহাঁ, নিওঁ দাঙ্গি
থওঁ আনি গছ আৰত। (দাঙ্গি আনে)