পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 এই নাটক খনি মহাকবি চেক্সপীয়েৰৰ “এজ্-ইউ-লাইক্-ইট্” নামক নাটকৰ ছাঁ লৈ লেখা হৈছে। সৰহ ভাগ অনুবাদকে বুলিব পাৰি, কিন্তু মহাকবিৰ আলসূৱা আৰু নিচেই কোমল ৰহস্যবিলাক লেখকৰ হাতত পৰি বিকৃত হোৱাৰ ভয়ত তাৰ ওচৰ চাপিবলৈ সাহ কৰিব পৰা নহ’ল। যদিও মহাকবিৰ প্ৰেম-চিত্ৰবিলাক বাদ দিলে নাটকৰ মাধুৰ্য্য অনেক হ্ৰাস হয়, তথাপি আমাৰ প্ৰচলিত সামাজিক নিয়মৰ ব্যতিক্ৰম নোহোৱাকৈ ৰখাৰ কাৰণে এই নাটকত মূলৰ বহুত কথা বাদ দিব লগাত পৰিল।

 নাটকৰ কেবা ঠাইতো লেখকে আবশ্যক মতে নিজৰ ভাবো মিহলাই দিছে। “সংগীত কোষ” আৰু “সঙ্গীত সাধনা” প্ৰণেতা শ্ৰীযুত লক্ষ্মীৰাম বৰুৱা ডাঙ্গৰীয়াই অনুগ্ৰহ কৰি এই নাটকৰ গীত কেইটিত তাল সুৰ লগাই দিছে।

যোৰহাট,

শাওণ, ১৮৩২ শক।