পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চন্দ্ৰাৱলী।

চন্দ্ৰাৱলী। কুমলীয়া লাৱণী শৰীৰ, কিন্তু—
 জিকিব জিকিব যেন দেখিছোঁ মুখত।

বিশ্বপাল। তোমোলাক কোমল চিতৰ
 সৰলা বালিকা,
 যুঁজ চাবলৈ আহি বাট চাই আছা;
 কিন্তু আজিৰ যুঁজৰ পৰিণাম
 হ’ব হ’লে কান্দিব লগীয়া;
 যুজাৰু দুজন যোৰ হোৱা নাই,—
 এজন ডাঙ্গৰ মাল অতি বলবান,
 ইজন কোমল ল'ৰা
 ছাঁত গজা ফুলৰ নিচিনা।
 ইমান বুজালো তাক
 হাক দিলো তাকো নুশুনিলে,
 পাৰা যদি তোমালোকে বুজাই-সঁজাই,
 মন ভাঙ্গি দিয়া পঠিয়াই।
 মাতি অনি কোৱাচোন
 শুনিলে শুনিব পাৰে
 তোমোলাকে হাক দিয়া যদি।

হেমাঞ্জলী। পৰশু, —আনাচোন বাৰু—
 যুঁজাৰুক এই পিনে মাতি।

বিশ্বপাল। বুজুৱা,—আতৰি যাওঁ মই।

পৰশু। ৰাজ—কুমাৰীয়ে বীৰ,
 ক'ব খোজে কথা একেষাৰি।