পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চন্দ্ৰাৱলী।

 মধ্যম সন্তান।
 দুৰ্ঘোৰ পাষণ্ড সিটো
 যিটোৱে পাষণ্ড বোলে
 সন্তানক পৱিত্ৰ পিতাৰ;
 জ্যেষ্ঠ তুমি, নহলে ডিঙিত ধৰি
 জিভা কাঢ়ি বুজালোহেতেন—
 এনে কথা কলে
 জিভা ছিঙ্গা দণ্ড যথোচিত।
 মুৰ্খ তুমি, গালি দিছা নিজকে নিজেই।

সুৰথী।— ক্ষান্ত হোৱা নকৰা কন্দল,
 তোমালোক দুয়োটিকে
 দিছোঁ মই পিতৃৰ শপত।

জনাৰ্দ্দন।— যাওঁ মই নেথাকো ইয়াত।

পুষ্কৰ।— (আগভেটি ধৰি) শুন মোৰ কথা,—
 মৰণ কালত মৃত্যুৰ শয্যাত পৰি
 কৈছিলে পিতৃদেৱে তোক,—
 ’তিনিও পুত্ৰই মোৰ সমান ভাগেৰে
 বয়-বস্তু সম্ভোগ কৰিবা,
 কাকো বঞ্চি নেখাবা কোনেও।’
 নেৰাখিলি পিতৃৰ আদেশ,
 মোৰ ভাগো গ্ৰাস কৰি নিজে
 লেখা পঢ়া একো নিশিকাই
 কৰিলি ডাঙ্গৰ মোক পশুৰ দৰেৰে।