দ্বিতীয় দৰ্শন।
স্থান -শুৱালকুচিৰ নামনি-ৰামসিংহৰ কোঠ।
কাল--পুৱা
( ৰামসিংহ, নচৰতখাঁ, বাইৰামদেও, ৰচিতখাঁ,আৰু বৰফুকনৰ কটকী)
ৰামসিংহ। দূত, তোমাৰ মালিক লাচিত বৰফুকনে মোলৈ শুধি পঠিয়াইছে যে মোৰ আসাম দেশলৈ এইদৰে অহাৰ উদ্দেশ্য কি? তুমি কবা গৈ যে উদ্দেশ্য আছে, নহলে কিয় অহা হব। তুমি তেওঁক কবা গৈ যে, পূৰ্ব্বে আলিয়াৰখাঁ আৰু মোমাই তামুলী বৰবৰুৱাৰ ভিতৰত যি সন্ধি হৈছিল, সেই সন্ধিত, অসুৰৰ আলি আৰু বৰনদীকে অসম ৰাজ্য় আৰু মছলমান ৰাজ্যৰ সীমা বন্ধা হৈছিল। সেই সন্ধিমতে গুৱাহাটী আমাৰ বাদশ্য়াৰ ৰাজ্যৰ ভিতৰ। এতেকে গুৱাহাটী তেওঁলোকে আমাক এৰি দিয়ক। নহলে, “দুই ঘৰীমান যুজিও চাব পাৰে। আৰু তালৈকো যদি তেওঁলোকৰ তীৰ বন্দুক নাই, তেওঁ আমাক খুজিলেও আমি দিব পাৰোঁ। ”-কি বোলাঁ নচৰতখাঁ?
নচৰতখাঁ। (মুৰ দুপিয়াই ) জোনাব!
ৰামসিংহ। দুত, আৰু কবা, তেওঁলোক হিন্দুস্থানৰ চুক এটাৰ গাটত সোমাই আছে। সেইদেখি দিল্লীৰ বাদশ্য়াৰ প্ৰতাপৰ খবৰ তেওঁলোকে একো নাৰাখে। তেওঁলোকক গাটৰ ভিতৰৰ-