পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন ]
৮৭
চক্ৰধ্বজসিংহ।

 প্ৰিয়ৰাম। পাওঁ দেউতা। এইটো গজপুৰীয়া হাজৰিকা। সিদিনাৰ যুঁজত হাজৰিকাই বৰ বিক্ৰম দেখুৱালে দেউতা।

 গজপুৰীয়া। ডেকাফুকন বোপা দেউতাই মোৰ কথা সকলো জানে।

প্ৰিয়ৰামে ইঙ্গিতেৰে গজপুৰীয়াক মনে মনে থাকিবলৈ কয়। )

 গজপুৰীয়ানী। (কোটোৱালক) পোক-লগাহঁত! শুন হেৰ শুন!

বৰফুকন। সেইজনী ইয়াৰে ঘৈণীয়েক নে?

 প্ৰিযৰাম। হয় দেউতা। দেউতাক জনাই মই এই গজ- পূৰীযাকে এহেজাৰ কৰাৰ ওপৰত হাজৰিকা পাতি লৈ আহিছিলোঁ।

 গজপুৰীয়ানী। (কোটোৱালক। হতচিৰীহোৱাহঁত। মই কাৰ ঘৈণীয়েক শুনিলি এতিয়া?

 গজপূৰীয়া। ঘৈণীয়েকক) তই মনে মনে থাক।

 গজপুৰীয়ানী। (কোটোৱালক) শুনিলি, গৰিহাখোৱাহঁত। বোলোঁ শুনিলি এতিয়া? তঁহতে কাৰ ঘৈণীয়েকক চোৰ বুলি ধৰি আনিছিলি অ?

 বৰফুকন। (হাঁহি, মই সকলো বুজিলোঁ। কোটোৱাল, এইক তাইৰ ঘৰত থৈ আহগৈ। তাইক তহঁতে আৰু দিগ্দাৰি নকৰিবিহঁত। যা।

[ কোটোৱাল আৰু গজপুৰীয়ানীৰ প্ৰস্থান।