পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন, ]
৮৫
চক্ৰধ্বজসিংহ।

 ২য় কোটোৱাল। যুজত মৰা চিপাহীৰ বস্তু।

 গজপুৰীয়ানী। মৰা চিপাহীৰ বস্তু যদি মৰা চিপাহীৰ বস্তু; তই জীয়া চিপাহী, তোৰতো নহয়। দেউতাৰ আগত গোচৰ দিব লাগে যদি যাৰ বস্তু সি আহি গোচৰ দিয়কহি, তই দিবৰ কোন? ( বৰফুকনলৈ চাই আঠুকাঢ়ি হাতজুৰি) ডাঙৰীয়া দেউতা, ধৰ্ম্মৰ ৰজা, পৃথিবীৰ গৰাকী! মই বৰ মানুহৰ পৰিবাৰ, ডাঙৰ লোকৰ ঘৈণী; পৰদেশত মোৰ মৰ-ভেশ হৈছে দেউতা! . নহলে মোক এইদৰে ইহঁতে ধৰি আনি লঘু কৰে! দেউতা পৃথিবীৰ গৰাকী, অনাথৰ নাথ, ৰজা-পাটচা! দেউতাই এই দুখুনী অনাথিনীৰ এই গোচৰৰ বিচাৰ নকৰিলে আৰু কোনে কৰিব দেউতা?

 বৰফুকন। হেৰ তোৰ গিৰিয়েকৰ নাম কি?

 গজপুৰিয়ানী। দেউতা, তেওঁকে গজপুৰীয়া সেনাপতি শইকিয়া বোলে। উজনিত গজপুৰীয়াক ৰজাৰপৰা প্ৰজালৈকে নজনা মানুহ নাই, দেউতা ঈস্পৰ! তেনেজনৰ তিৰুতাৰ পৰ- দেশত কেলেহুৱা কোটোৱালৰ হাতত এই দশা! যিজন লোকৰ, বৰুৱা ফুকন ডা-ডাঙৰীয়াৰে সদায় লেনদেন, কাৰবাৰ, মিলজোল, সেইজনৰ ঘৈণীয়েকক ইহঁতে এনেকৈ এই বঙালৰ দেশত পাই লঘু কৰিছে দেউতা! ( চকুলো টুকি কান্দে)।

 বৰফুকন। তই সেই হাতী যেন শকত মানুহটো গজপুৰীয়াৰ ঘৈণীয়েক নে?