বন্দী হৈছে। ফিৰূজখাঁক যুজত কোনে বন্দী কৰিলে জানা নে? তুমি শুনি নথৈ আনন্দ পাবা যে তোমাৰ বৰ পোৱাঁ প্ৰিয়ৰামে। প্ৰিয়ৰামে এই যুজত যেনে সাহ আৰু বীৰত্ব দেখুৱালে, সি মোৰ সমাজিকৰো অগোচৰ। তাৰ বিষয়ে মোৰ মনৰ আগৰ সকলো আশঙ্কা গুচিল। সি তোমাৰ মান ৰাখিলে, মোৰো গৌৰৱ বঢ়ালে।
“বৰ লৰালৰি। আজিলৈ ইমানকে লেখিলোঁ। মোৰ আৰু প্ৰিযৰামৰ গা ভালে আছে। আশা কৰোঁ। ঈশ্বৰৰ অনুগ্ৰহত তোমালোক কুশলে আছাহঁক। চেনেহী আৰু ৰূপহীক মোৰ আশীৰ্ব্বাদ দিবা, তুমিও লবাঁ।
তোমাৰ
শ্ৰীলাচিত বৰফুকন। "
ফুকননী। (গিৰিয়েকৰ চিঠিখন শদিয়াখোৱা গোহাঁইৰ হাতৰ পৰা আনি নিজৰ মূৰত লৈ সেৱা কৰি) ঈশ্বৰৰ অনুগ্ৰহতে সকলো হৈছে। (শদিয়াখোৱা গোহাঁইক) বোপা, মই আমাৰ সত্ৰৰ গোসাঁইঘৰলৈ আগ কৰি থোৱা সোণৰ ফুল কেইপাহ, তুমি আজিয়েই সোণাৰিৰ ঘৰৰ পৰা আনি দিয়াঁ; কাইলৈ যেন মই সত্ৰলৈ পঠিয়াই দিব পাৰোঁ। আমাৰ ঘৰৰ লগুৱা-লিগিৰীবোৰলৈ এসোপা কাপোৰ কিনি আনি দিয়াঁ,সিহঁতক গাইপতি একোজোৰকৈ মই কাপোৰ দিম। নগৰৰ দুখীয়া মগনীয়াৰবোৰক মতাই অনাই