পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

 শ, খো, গো.। প্ৰিয় বোপাৰ খবৰো নিশ্চয় ভাল।

( লিগিৰী এজনীৰ প্ৰবেশ )

 লিগিৰী। আইচুদেউতা, গুৱাহাটীৰ পৰা মানুহ এটা আহিছে এখন চিঠিলৈ।

 বৰফুকননী। ( ব্য়স্তভাৱে ) কতা? মানুহটোক মাত চিঠিখন লৈ আহক।

ৰূপহীয়ে লৰি গৈ মানুহটোৰ হাতৰপৰা চিঠিখন লৈ আহে। ৰূপহীয়ে
চিঠিখন মেলে। মাকে ৰূপহীৰ হাতৰ পৰা চিঠিখন কাঢ়ি নি
শদিয়াখোৱা গোহাঁইক পঢ়িবলৈ দিয়ে। শদিয়া
খোৱা গোহাঁয়ে চিঠি পঢ়ে।

গুৱাহাটী। শক ১৬৮৯। ১৩ ফাগুন।

কল্যানীয়াসু,

আজি তোমাক আনন্দৰ খবৰ দিওঁ। তুমি শুনি সন্তোষ পাবা, যে মছলমানেৰে সৈতে লগা যুজত আমি জিকিলোঁ। যুজত আমাৰ ফালৰ ভালেমান ৰণুৱা পৰিল যদিও, মছলমানৰ অনেক বৰ হিলৈ,কামায়ন আদি যুজৰ সজুলি আমাৰ হাতলৈ আহিল। মছলমানৰ দুজন সেনাপতি ফিৰূজখাঁ আৰু চৈয়দ চানা আমাৰ হাতত