পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
৭৩
চক্ৰধ্বজসিংহ।

(চেনেহী ৰূপহীৰ লৰি প্ৰবেশ )

 চেনেহী। (শ, খো, গোহাঁই। এই সুখবৰ আপুনি আনিলে নে?

 শ, খো, গো। এৰা ময়ে তোমালোকক দিবলৈ আনিলোঁ। মোক কি দিবা কোৱাঁ?

 চেনেহী। কি দিম কওক?

 শ, খো,গো। মোৰ ওচৰত দুয়ো বহি কথাবাৰ্ত্তা পাতি মোক ৰং দিয়াঁ।

 ৰূপহী। আপুনি এই ভাল খবৰৰ বাবে আমাক কি দিব কওক? ৰং আপোনাৰো হৈছে নহয়।

 শ, খো, গো। হৈছে, কি লাগে কেৱাঁ?

 ৰূপহী। মোক একো দিব নেলাগে। মাথোন বাইদেওক তেলৰ চুপি এটা দিয়ক।

 চেনেহী। আইতা চোৱাঁ, ৰূপহীয়ে আকৌ মোৰে সৈতে লাগিছে

 ৰূপহী। খালি চুপিটো দিবলৈ মই নাই কোৱাঁ;তাত চেনেহ ভৰাই এচুপি কৰি দিবলৈ হে কৈছোঁ।

 শ, খো, গো,। (হাঁহি,-- চেনেহীক)। সেইজনী অহৌবলিয়া ছোৱালী, তাইৰ কথাত কোনে লাগে?

 চেনেহী। ককাইদেউৰ খবৰ কি?