পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
৩য় অঙ্ক
চক্ৰধ্বজসিংহ।

কিহৰ কোঢ়াল শুনচোন? গায়ন বায়ন গাইছে কিয়? ঢোল, খোল, মৃদং বাজিছে শুনচোন।

( শদিয়াখোৱা গোহাঁইৰ প্ৰবেশ )

( চেনেহী ৰূপহী দুয়ো লৰালৰিকে নিজৰ নিজৰ চকু মছি পলায়।

 শ, খো, গোহাঁই। আইদেউতা, আপোনাক বৰ সুখবৰ এটা দিওঁ, বৰফুকন দেউতা যুজত জিকিল।

 ফুকননী। সঁচানে? ঈশ্বৰৰ কি অনুগ্ৰহ।

গোহাঁইঘৰৰ ফালে আঠুকাঢ়ি সেৱা কৰে

উঠি) অ সেইদেখিহে সেয়া ঢোলখোল বজাইছে হবলা?

 শ,খো,গো। এৰা সেইদেখিহে নগৰত বাদ্যভণ্ড বজাইছে; আনন্দ উৎসৱ কৰিবলৈ হুকুম দিছে।

 ফুকননী। কোৱাঁচোন কোৱাঁ, যুজৰ আৰু কি কি খবৰ আহিছে, ভালকৈ কোৱা?

 শ, খো, গো। বৰফুকন দেউতাই মছলমানক পাঁচখন যুজত হৰুৱাই, সিহঁতৰ দুই সেনাপতিক ধৰি বন্দী কৰি ইয়ালৈই পঠিয়াই দিছে। মছলমানৰ চিপাহী আৰু হিলৈ আদি অনেক যুজৰ সজুলি ধন বস্তু আমাৰ হাতত পৰিছে।

 ফুকননী। হেৰ আইদেওহঁত শুনহি,তহঁতৰ দেউতাৰ যুজত জিকিল।