এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৰ্শন ]
৬৭
চক্ৰধ্বজসিংহ।
( দুৱৰীৰ প্ৰবেশ)
দুৱৰী। (আঠু লৈ) সৰ্গদেও, যুজৰ ঠাইৰপৰা লাচিত বৰ-ফুকনৰ কটকী দুৱাৰত।
চক্ৰধ্বজ। ( ব্যস্তভাৱে ) সোনকালে মোৰ আগলৈ আন,সোনকালে আন।
[ দুৱৰীৰ প্ৰস্থান
( কটকীৰ প্ৰবেশ)
কটকী। ( আঠুলৈ ) সৰ্গদেও, লাচিত বৰফুকনে সৰ্গদেৱলৈ জনাইছে, যে গুৱাহাটীত মছলমানেৰে সৈতে আমাৰ যি বৰ ৰণ লাগিছিল, সেই ৰণত আমাৰ জয়।
- বুঢ়াগোহাঁই,বৰগোহাঁই,বৰপাত্ৰগোহাঁই আদি সভাসদসকলে
- আনন্দ কৰি তিনিবাৰ উচ্চৰৱ কৰি )
জয় সৰ্গদেও চক্ৰধ্বজসিংহ জয়!!!
চক্ৰধ্বজ। তাৰ পিছত। তাৰ পিছত?
কটকী। তাৰ পিছত সৰ্গদেও, লাচিত বৰফুকনে মছলমানৰ ফিৰুজখাঁ আৰু চৈয়দ চানাক বহুত মছলমানৰ সৈতে ধৰি বন্দী কৰিলে।
চক্ৰধ্বজ। তাৰ পিছত?