(টোকোৰা আৰু সিন্ধিৰামৰ প্ৰবেশ )
টোকোৰা আৰু সিন্ধিৰাম! তহঁতৰ খবৰ কি? জপৰা কলৈ গল?
টোকোৰা। জপৰা আৰু এই সংসাৰত নাই।
প্ৰিয়ৰাম। কেনেকৈ?
গাজপুৰীয়া। কাহি হৈ।
‘প্ৰিয়ৰাম। চুপ্ ৰও!
টোকোৰা। যেতিয়া বঙালৰ চিপাহী আমাৰ ফালে আগবাঢ়ি আহিল, আমি পিছহুঁহকি গলোঁ। যেতিয়া সিহঁতে বেগেৰে আমাক খেদি আহিল, আমাৰ চদ্দাৰ হাজৰিকা গজপুৰীয়াই বেগেৰে ভিৰাই ধৰি লৰ মৰিলে। আমাৰ চদ্দাৰ হাজৰিকাক তেনেকৈ লৰ মৰা দেখি আমাৰ মনতো ভয় সোমাল, আমি তেওঁৰ অধীনৰ ৰণুৱাবোৰেও ভিৰাই ধৰি লৰ মাৰিলোহঁক। জপৰা খোৰা দেখি সি আমাৰে সৈতে সমানে লৰিব নোৱাৰি পিছপৰিল, আৰু বঙালৰ চিপাহীয়ে তাক অকলশৰীয়াকৈ পাই কাটি থলে।
গজপুৰীয়া। বৰ লাজৰ কথা যে জপৰাৰ নিচিনা এটা খোৰা মানুহক মোৰ যুঁজাৰুবোৰৰ ভিতৰত লোৱা হৈছিল। সেই খোৰাটোক মোৰ বাছকবনিয়া ৰণুৱাবোৰৰ শাৰীত লোৱাটোৱেই গুৰিতে মোৰ মহা ভুল।
প্ৰিয়ৰাম। (হাঁহি) হেৰ মহাবীৰ গজপুৰীয়া হাজৰিকা! তোৰ এইখনেই মছলমান চিপাহীৰে তয়াময়া ৰণ নে! এই ৰণতে