প্ৰিয়ৰাম। তাৰ আগেয়ে তই ফিৰুজ আৰু ঢানাক পালি কত? সিহঁতেৰে সৈতে আমি হে সিফালে গোটেই ডোখৰ কালত যুজি আছিলোঁ; তই তোৰ মেমেৰ, চেৰেলা, গেৰেলা, অকামিলা ঢোদ কাঁৰী কেইটা লৈ ইফালে হে আছিলি।
গজপূৰীয়া। তাৰ আগেয়ে, তাৰ আগেয়ে।
প্ৰিয়ৰাম। হেৰ টকে এই মিছলীয়াটোৱে কয় কি অ; “তাৰ আগেয়ে, তাৰ আগেয়ে" কেতিয়া?
গজপুৰীয়া। দেখা, ডেকাফুকন বোপো, তুমি বৰ লোকৰ পোৱালি, নিজেও বৰ লোক; ইমান ডাঙৰ লোকৰ পোৱালি হৈ তুমি থিতাতে কথা সলোৱাটো ভাল?"হাতীকা দাঁত,মৰদকা বাত" বুলি কয়, মৰদৰ কথা এবাৰ মুখৰপৰা ওলালে আৰু নোসোমায়। ইয়াৰ আগতে তুমি মোৰ গুণ বখানি সিবোৰ কথা কৈছিলা, সেটোবোৰ আৰু গিলিব পৰিবানে? মই যে মিছলীয়া কাপুৰুষ ভয়াতুৰ নহয়, সেইটো তুমি কোৱাঁ, মই নেলাগে এই টকৌ আৰু এই গজপুৰীমায়েই নিজ কাণে শুনিছে। সেই দেখি হে মই তেতিয়াই উঠি তপতে তপতে সিহঁতক সাখী কৰিছিলোঁ। থিতাতে তুমি আগৰ কথা সলাই মোক মিছলীয়া বুলিছা। এইবোৰ ভাল কথা নহয় একা।
প্ৰিয়ৰাম। হাঁহি। বেচ্ বেচ্ ভাল্ ভাল্ তোৰবোৰেই হে সঁচা, আমাৰবোৰ মিছা।