ভাৰ মোৰ ওপৰত থাকিল।
গজপুৰীয়াই হঠাং গামুৰি দি, শৱ দুটাৰ মাজৰপৰা একে চাবেই উঠে!
প্ৰিয়ৰাম, গজপুৰীয়ানী আৰু টকৌ অবাক হৈ ৰ লাগি থাকে।
গজপুৰীয়া। টকৌ তই সাখাঁ! গজপুৰীয়ানী তই সাখাঁ থাকিলি! ডেকাফুকন বোপাই মই কেনে সৰব-গুণী বিতোপন সাধু বাৰ পুৰুষটো, সেই সম্পৰ্কে এতিয়াই তহঁতৰ আগতে যিবোৰ সাধী থাকিলি,পিছত যেন তেওঁ আৰু কথা সলাব নোৱাৰে। আৰু মোৰ মানুহজনীক তেওঁ চিৰকাললৈকে পুহিবলৈ গাতলৈছে সেইটোৰো সাখী তহঁত থাকিলি। ইয়াৰ পিছত তেওঁ মোক মুৰ্খ, চোৰ, ডকাইত, মিছলায়া আৰু বেয়া বুলিব নোৱাৰে, আৰু আনে বুলিলেও মই দেখিম। --তুলাপাত বা সাঁচিপাত এখন নাইনে ইয়াত কতো, পাৱ তো বিচাৰি আন, মই তেওঁৰ কথাবোৰ তাত লেখি লৈ তেওঁৰ এতিয়াই চহি লওঁ, একেবাৰেই সেইবোৰ আগ-লৈকে পকা হৈ যাওক।
প্ৰিযৰাম। লাঠুৱা! ফাকিদাৰ! কাণ-কটা নিধক! তই নমৰাকৈয়ে মৰ-ভাও জুৰি পৰি আছিলি? হেৰ ধুৰ্ত শিয়াল! তই এনেকুৱা কৰিছিলি কিয়?
গজপুৰীয়ানী। (গজপুৰীয়াক) সি হব নোৱাৰে। বোলোঁ তুমি জীৱ নোৱাৰাঁ, মই নিদিও জীৱ। অ, তামোচা পাইছা