কৰি এৰি গুচি গল ঐ! মই নো কলৈ যাওঁ, কি কৰোঁ এতিয়া, মোৰ ডেকাফুকন ডাঙৰীয়া বোপা মোক কোৱাঁচোন ঐ!
প্ৰিয়ৰাম। কি হৈছে, নাকান্দিবা, নাকান্দিবা আৰু। আমাৰ গজপুৰীয়া ৰণত মৰিল নেকি?
গজপুৰীয়ানী। নাচাই নো কিয় ডাঙৰীয়া বোপা, সেইটো মোৰ গজপূৰীয়া মৰা ৰণুৱা দুটাৰ মাজত পৰি মৰি আছে। মোৰ ভৈয়াই কালি আগ-ৰাতিয়েই ঢকাল হবলা, উখতি ভৗম্বাকাৰ হল। হাত ভৰি গা শিল যেন চেচা হল!
প্ৰিয়ৰাম। ( ওচৰ চাপি আহি দীঘলকৈ হুমুনিয়াহ কাঢ়ি ) হয় আমাৰ গজপুৰীয়াই হয়। অনেক দিন মানুহটোৰ লগত মই ৰং ধেমালি কৰি কটালোঁ! আৰু গজপূৰীয়াক নাপাওঁ! বপুৰাৰ গাত যত দোষকে থাওক, কিন্তু এনেটো মানুহ আৰু নহব। যদিও গজপুৰীয়া তোৰ অনেক কাৰ্য্য় আচলতে কেতিয়াও মই অন্তৰেৰে সৈতে সমৰ্থন নকৰিছিলো। তথাপি মুঠতে তোৰ গাত কি এটা গুণ আছিল কব নোৱাৰো সেই কাৰ্য্য়বোৰত মই ৰং পাইছিলোঁ। , তোৰ লগ এৰিবৰ নোৱাৰিছিলোঁ!—যা গজপুৰীয়া যা! তই স্বৰ্গলৈ যা। তই দেশৰ অৰ্থে যুজত প্ৰাণ দিলি, তোৰ সুখ্যাতি সদায় থাকিব। তোক মই সচাসচিকৈয়ে সদায় ভয়াতুৰ কাপুৰুষ বুলি ভাবিছিলোঁ; এতিয়া বুজিলোঁ। সেইটো মোৰ ভুল। --গজপুৰীয়ানী, তুমি আৰু শোক নকৰিবা, তোমাক চিৰকাল পোহাৰ