পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চক্ৰধ্বজ সিংহ।


প্ৰথম অঙ্ক

প্ৰথম দৰ্শন

স্থান--ৰজাৰ বৰ-চৰা।

কাল-আবেলি।

চক্ৰধ্বজ সিংহ সৰ্গদেও, বাঁহগৰীয়া বুঢ়াগোহাঁই, গুইমেলা বৰগোহাঁই, বৰপাত্ৰগোহাঁই, আৰু সভাসদসকল।

 চক্ৰধ্বজ সিংহ। মই সেইবোৰ বুজিছোঁ বুঢ়াগোহাঁই ডাঙৰীয়া; কিন্তু মোক কওকচোন, চামধৰা আৰু পোতাকলঙৰ কোঁঠ দুটা ভালকৈ “মেৰামত” হবলৈ আৰু কিমান বাকী?

 বুঢ়াগোহাঁই। দিনে ৰাতিয়ে কাম কৰিবলৈ মানুহ লগাই দিয়া হৈছে সৰ্গদেও। আৰু আঠ-দহ দিন মানৰ মূৰত শেষ হবৰ সম্ভৱ। ”