পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন,]
৪৯
চক্ৰধ্বজসিংহ।

তৃতীয় দৰ্শন।

স্থান গুৱাহাটী, বৰফুকনৰ কোঠ, ঘৰৰ ভিতৰ।

কাল--ৰাতি, যুদ্ধৰ পিছত।

(লাচিত বৰফুকন আৰু প্ৰিয়ৰাম। )

 লাচিত। বোপা প্ৰিয়ৰাম, আজিহে তোৰে সৈতে মোৰ পিতা-পুত্ৰৰ সমন্ধ ঘটিল। তোৰ বীৰত্ব, তোৰ সাহ, তোৰ যুদ্ধ কৌশল, দেখি মই পৰম সন্তোষ পাইছোঁ। আজি হে মোৰ মনৰ দুখ গুচিল। ইমান দিন ভাবিছিলোঁ, ভাল আমৰ পুলি বকৰাণিত গজিছিলি বুলি, আজি দেখিলোঁ সি নহয়। ঈশ্বৰে তোৰ মঙ্গল কৰক। তোৰ গৰ্ভধাৰিণী মাৰৰ গৰ্ভকষ্ট সাৰ্থক। [প্ৰিয়ৰামে দেউতাকক আঠুকাঢ়ি সেৱা কৰে। ] তোৰ মাৰলৈ তোৰ বীৰত্বৰ কথা লেখি মই চিঠি পঠিয়াইছোঁ। মাৰে শুনি বৰ সন্তোষ পাব। বোপা, আমাৰ বংশ দুখীয়া অৱস্থাৰ পৰা উঠা। সেই দেখি আমোদ আহ্লাদতে সময় কটোৱাটো আমাৰ বংশৰ উপযুক্ত কাৰ্য্য় নহয়। তই নিজেই দেখিছ, দিনেৰাতিয়ে মই কি পৰিশ্ৰম কৰোঁ। আমাৰ বংশক ভিকহু নগণ্য় অৱস্থাৰপৰা মোৰ ককাৰে কেনেকৈ ডাঙৰ কৰি সকলোৰে শিৰৰ মুকুট কৰিলে, তই ভালকৈ নাজানিব পাৰ, সেইদেখি তাৰ বৃত্তান্ত চমুকৈ আজি তোৰ আগত কওঁ শুন;--লুথুৰাশন আহোম বংশত তোৰ ককাৰ মোমাই-