পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন,]
৫৭
চক্ৰধ্বজসিংহ।

বিপক্ষ বাহিনী এতিক্ষিণে হৌক চুৰ॥
পদৰ ভৰত মহী হৌক টলমল।
দিল্লিৰ পাটচাৰ সেনা যাওক ৰসাতল॥
তোমাসাৰ সুতীক্ষ্ণ শনাইত অস্ত্ৰ-বাৱে।
উষ্ণীৰে সহিতে মুণ্ড উবোক ইঠাৰে॥
প্ৰচণ্ড বায়ুৱে উৰায় তাল বৃক্ষ মুণ্ড।
সেহিমতে শত্ৰু সেনা কৰা লণ্ডভণ্ড॥
দেৱৰ নিবাস ইটো কামপীঠ ভূমি।
তোৰা সব বীৰ আত আছাহা জনমি॥
দোখোক প্ৰতাপ আজি সুৰাসুৰ লোকে।
অসমৰ যশ যাওক বৈকুণ্ঠ গোলোকে॥
মৰা-সিংহাসন আউৰংজীবৰ লৰোক।
আতঙ্কত পাটচাৰ নিদ্ৰা নাআসোক॥
উজীৰ নাজিৰ চুবাদাৰ সবে বসি।
বখানক অসমৰ বীৰ্য্য় বিমবিবি॥
দেৱাঙ্গনাসৰে শিৰে বৰবোক ফুল।
“জয় জয় আসাম!” দুন্দুভি কৰোক ৰোল।
হয়গ্ৰীৱ মাধৱে গ্ৰীবাক ভূলি ৰঙ্গে।
আনন্দে হেঁসনি পাৰি মিলোক প্ৰসঙ্গে॥
কামাখ্য়া গিৰিৰ উচ্চ শিখৰৰপৰা।
ৰহিয়া আসোক আৰ্শীৰ্ব্বাদৰ নিজৰা॥