পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
[ ২য় অঙ্ক,
চক্ৰধ্বজসিংহ।

দ্বিতীয় দৰ্শন।

স্থান-বাঁহবাৰীৰ যুদ্ধক্ষেত্ৰ।

কাল--যুদ্ধৰ ঠিক আগতে।

লাচিত বৰফুকন, ভকত ৰাম ওজা, আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যবোৰ।

 বৰফুকন। (সৈন্যবোৰলৈ চাই) ৰণুৱাসকল! সৰ্গদেৱৰ আজ্ঞাত আমি আমাৰ আসামদেশ শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰিবৰ নিমিত্তে এই যুদ্ধ কৰিবলৈ আহিছোঁ। এতিয়া আমি ভয় ভ্ৰান্তি আৰু আন চিন্তা ভাবনা সকলোকে পৰিহাৰ কৰি আমাৰ কৰ্ত্তব্য় সাধন কৰিব লাগে। ঈশ্বৰে আমাক জয় যুক্ত কৰিব। সমুখ যুদ্ধলৈ আগবাঢ়াহঁক!

(সৈন্যবোৰে একেলগে হৈধ্বনি দিয়ে)-- সৰ্গদেও চক্ৰধ্বজ সিংহৰ জয়! জয় লাচিত বৰফুকনৰ জয়! জয় অসম মাতৃৰ জয়! জয় ৰাম বোলোঁ! জয় হৰি বোলোঁ!

 ভকতৰাম ওজা। আগবাঢ়ি আহি সৈন্যবোৰৰ ফালে চাই, সুৰধৰি গায়)--

অসমৰ যোদ্ধাসব শুনা মোৰ বাণী।
স্বদেশ স্বধৰ্ম্ম ৰক্ষা কৰিয়ো ঐসানি॥
একো একো বীৰ তোৰা পৰ্ব্বত পৰায়।
আছোক যৱন দেখি শমনো ডৰায়॥
আগবাঢ়া শত্ৰুনাশা কৰি মসিমুৰ।