এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
[২য় অঙ্ক,
চক্ৰধ্বজসিংহ।
সমান কতো নাই॥
নিৰাশ নহবা পুৰণি প্ৰেমধৰ,
কুঁহিয়াৰ-বাৰীৰ গিৰী।
ভগা চকোৱা ৰাতি লোৱাঁ
( আকৌ ) মৰমৰ দেখিবা চিৰী॥
প্ৰিয়ৰাম। আজিলৈ আমাৰ সবাহ ভাগিল। কাইলৈ সকলো যাবলৈ সাজু হৈ থাকিবি।
গজপুৰীয়া। মোৰ গজপুৰীয়ানীও যাব তো?
প্ৰিয়ৰাম। যাব।
(টকৌৱে গায়)---
গীত।
উঠা অসমীয়া উঠা কাছি পাৰি।
ৰজা প্ৰজা উঠা বুকু ডাঠ কৰি॥
অসম মাতৃৰ হকে কৰোঁ ৰণ।
দেশ ৰক্ষা কৰোঁ কৰি প্ৰাণপণ॥
- (এটাইকেটাই উঠি গায়)
বঙালক বঙালক বঙালক মাৰোঁ।
বঙালক সোণকোহ নৈ পাৰ কৰোঁ॥
জয় ৰাম বোলোঁ;জয় হৰি বোলোঁ;